■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদো বুহাৰিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্রধানমন্ত্রীয়ে এটা শোকবার্তাত প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ বুদ্ধিমত্তা আৰু ভাৰত-নাইজেৰিয়া মিত্ৰতাৰ প্ৰতি থকা প্ৰতিশ্রুতিবদ্ধতা অদ্বিতীয় আছিল বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে বিভিন্ন অনুষ্ঠানত মহম্মদো বুহাৰিৰ সৈতে হোৱা বৈঠক তথা মত বিনিময়ক সোঁৱৰে। তেওঁ লগতে প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ পৰিয়াল তথা নাইজেৰিয়া চৰকাৰ আৰু জনসাধাৰণলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।
Assamese | July 14, 2025 3:12 PM | Akashvani News | narendra modi | PMO India
নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদো বুহাৰিৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ