■ ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লা আৰু Axiom-4 অভিযানৰ আন তিনিজন মহাকাশচাৰীৰ ওভতনি যাত্ৰা আজি আৰম্ভ হ’ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে কয় যে, আজি বিয়লি ৪.৩০ বজাত আনডকিং প্ৰক্ৰিয়া আৰম্ভ হ’ব। তেওঁ লগতে কয় যে ভাৰতীয় সময় অনুসৰি কাইলৈ বিয়লি ৩ বজাত মহাকাশচাৰীকেইজনে পৃথিৱীত পদার্পণ কৰিব। অৱতৰণৰ পিছত গ্রুপ কেপ্তেইন শুক্লাই অন্যান্য সদস্যসকলৰ সৈতে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ লগত পুনৰ খাপ খাব পৰাকৈ ৭ দিনীয়া বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব। উল্লেখযোগ্য যে গ্রুপ কেপ্তেইন শুভাংশু শুক্লাই আন তিনিগৰাকী সদস্যৰ সৈতে ১৪ দিনীয়া অভিযানৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ গৈছিল। তেওঁ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্র ভ্রমণ কৰা প্ৰথমজন ভাৰতীয় আৰু ১৯৮৪ চনত মহাকাশলৈ যোৱা উইং কমাণ্ডাৰ ৰাকেশ শৰ্মাৰ পিছত দ্বিতীয়জন ভাৰতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হৈছে।
Assamese | July 14, 2025 3:17 PM | Akashvani News | Axiom -4
মহাকাশচাৰী শুভাংশু শুক্লা আৰু Axiom-4 অভিযানৰ আন ৩ জন মহাকাশচাৰীৰ ওভতনি যাত্ৰা আজি আৰম্ভ হ’ব