August 16, 2025 9:01 PM

views 31

শেহতীয়াকৈ ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা বজালী মহাবিদ্যালয়ৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস বর্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন

শেহতীয়াকৈ ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা বজালী মহাবিদ্যালয়ৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বর্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়। অনুষ্ঠানত কাৰ্যসূচী অনুসৰি পুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক ধনপতি ডেকাই পতাকা উত্তোলন কৰে। ইয়াৰ পিছত প্ৰতিষ্ঠাপক অধ্যক্ষ কামেশ্বৰ দাসৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজলন কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য, অধ্যাপক ননীগোপাল মহন্তই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে অসম লোকসেৱা আয়োগৰ প্ৰথমগৰাকী অসমীয়া অধ্যক...

August 16, 2025 8:49 PM

views 63

দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চৌ হুনৰ সৈতে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ দ্বিপাক্ষিক বৈঠক

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি নতুন দিল্লীত দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী চৌ হুনৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ জয়শংকৰে কয়, যে দুয়োজন নেতাৰ মাজত বাণিজ্য, উৎপাদন, সামুদ্রিক উন্নয়ন আৰু জনকল্যাণৰ বাবে সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন বিষয়ত আলোচনা কৰা হয়৷ তেওঁ লগতে কয়, যে দুয়োজন নেতাই কৃত্রিম বুদ্ধিমত্তা, ছেমি কণ্ডাক্টৰ, শক্তি আৰু প্ৰতিৰক্ষাকে ধৰি বিভিন্ন খণ্ডত নতুন সুযোগৰ অন্বেষণ কৰে। ভাৰত আৰু কোৰিয়াৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ দশম বার্ষিক উপলক্ষে দ...

August 16, 2025 8:41 PM

views 61

কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ বিদেশ সচিব বিক্রম মিশ্রি

বিদেশ সচিব বিক্রম মিশ্রিয়ে কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নেপাললৈ যাব। নেপালৰ বৈদেশিক সচিব অমৃত বাহাদুৰ ৰায়ৰ আমন্ত্ৰণ মর্মে শ্রী মিশ্রি দেশখনলৈ যাব। ছেপ্টেম্বৰত নেপালৰ প্ৰধানমন্ত্রী কে পি শৰ্মা অলিৰ সম্ভাব্য নেপাল ভ্ৰণৰ পূৰ্বে সচিব পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত উভয় দেশৰ সীমান্ত সুৰক্ষা, বিমান পৰিবহণ, শক্তি খণ্ডকে ধৰি আন বিভিন্ন ক্ষেত্ৰত থকা সহযোগিতা অধিক বৃদ্ধি কৰাৰ সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ভাৰত আৰু নেপালৰ মাজত শক্তিশালী আৰু বন্ধুত্বসুলভ সম্পর্ক আছে আৰু যোৱা...

August 16, 2025 8:37 PM

views 67

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ আমন্ত্ৰণ মৰ্মে নেতাগৰাকী ভাৰতলৈ আহিব। ভ্ৰমণৰ সময়ছোৱাত চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্ত বিষয় বন্দৰ্ভত ভাৰতৰ বিশেষ প্রতিনিধি অজিত দোভালৰ সৈতে ২৪ সংখ্যক বিশেষ প্রতিনিধি আলোচনা বৈঠকত মিলিত হ'ব। ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে ৱাং ইৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

August 16, 2025 8:29 PM

views 38

পাৰ্চী নৱবৰ্ষ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰ্চী নৱবৰ্ষ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বার্তাত শ্রী মোদীয়ে কয়, যে ৰাষ্ট্ৰৰ প্ৰতি পাৰ্চীসকলে আগবঢ়াই অহা অৱদানৰ বাবে দেশ গৌৰৱান্বিত। তেওঁ এই নৱবৰ্ষই যাতে সকলোলৈ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ বাৰ্তা কঢ়িয়াই আনে তাৰেই আশা কৰে।

August 16, 2025 8:26 PM

views 59

ৰাহুল গান্ধীয়ে কাইলৈ বিহাৰৰ চাচাৰামৰ পৰা “ভোটাৰ অধিকাৰ যাত্ৰাৰ” শুভাৰম্ভ কৰিব

লোকসভাৰ বিৰোধী দলপতি তথা জেষ্ঠ্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কাইলৈ বিহাৰৰ চাচাৰামৰ পৰা “ভোটাৰ অধিকাৰ যাত্ৰাৰ” শুভাৰম্ভ কৰিব। পৰৱৰ্তী ১৬ দিনলৈ চলিব লগা এই যাত্ৰাই বিহাৰৰ ১৬খন জিলাক সামৰি ল'ব। বিহাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অখিলেশ প্রসাদ সিঙে আজি পাতনাত এখন সংবাদ মেল সম্বোধন কৰি কয় যে ১৩০০ কিঃমি যোৰা এই যাত্ৰাত ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্রসাদ যাদৱৰ লগতে INDIA মিত্রযোটৰ অন্য দলসমূহেও অংশগ্রহন কৰিব। এই ভোটাৰ অধিকাৰ যাত্ৰাত ইলেক্টৰেল ৰোলৰ শেহতীয়া অনিয়মৰ বিষয়টো উত্থাপন হ'ব বুলিও নে...

August 16, 2025 8:19 PM

views 40

ডেৰাদুনৰ ৰায়পুৰৰ মহাৰাণা প্রতাপ ক্ৰীড়া মহাবিদ্যালয়ত অহা ২০ আগষ্টৰ পৰা ২৩ আগষ্টলৈ আন্তঃৰাষ্ট্ৰীয় শীতকালীন ক্রীড়া মহোৎসৱ

ভাৰতে প্ৰথমবাৰৰ বাবে সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় শীতকালীন ক্রীড়া মহোৎসৱৰ আয়োজন কৰিছে। ডেৰাদুনৰ ৰায়পুৰৰ মহাৰাণা প্রতাপ ক্ৰীড়া মহাবিদ্যালয়ত অহা ২০ আগষ্টৰ পৰা ২৩ আগষ্টলৈ চলিত বৰ্ষৰ এছিয়ান অ'পেন শর্ট ট্রেক স্পীড স্কেটিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্রতিযোগিতাত এছিয়াৰ ১১ খনতকৈও অধিক দেশে অংশগ্রহণ কৰিব। ভাৰতৰ উপৰি চীন, জাপান, হংকং, ইণ্ডোনেছিয়া, ছিংগাপুৰ, থাইলেণ্ড, চীনা টাইপে, ভিয়েটনাম, মালয়েছিয়া আৰু ফিলিপিনে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰিব।

August 16, 2025 6:38 PM

views 50

পেহেলগামৰ ঘটনাক গৰিহণা দিয়াৰ বাবে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে দক্ষিণ কোৰিয়াৰ বিদেশ মন্ত্ৰী শ্ব’ য়ানক শলাগ

দক্ষিণ কোৰিয়াই এপ্ৰিলত সংঘটিত পেহেলগাম সন্ত্ৰাসবাদী আক্রমণক গৰিহণা দিয়াৰ বাবে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে দেশখনৰ বিদেশ মন্ত্ৰী শ্ব' য়ানৰ শলাগ লৈছে। নতুন দিল্লীত আজি শ্ৰীয়ানৰ সৈতে হোৱা আলোচনাৰ আৰম্ভণিতে ড০ জয়শংকৰে কোৰিয়াৰ ৰাষ্ট্ৰীয় স্বাধীনতা দিৱস উপলক্ষে অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীক ওলগ জনায়। দুয়োগৰাকী বিদেশ মন্ত্ৰী মাজত হোৱা আলোচনাত প্ৰতিৰক্ষা, সুৰক্ষা, ব্যৱসায়, অর্থনীতি, যোগাযোগ আৰু জনসম্পর্ককে ধৰি বিভিন্ন বিষয়ে স্থান লাভ কৰে।

August 16, 2025 6:34 PM

views 33

দেশৰ বিভিন্ন অংশত ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন

দেশৰ বিভিন্ন অংশত আজি ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধান মন্ত্রী জন্মাষ্টমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভগৱান শ্ৰীকৃষ্ণই মানৱ জাতিক সকলোৰে কল্যাণৰ বাবে নিষ্ঠাবান হৈ সঠিক পথ অনুসৰি কিদৰে কৰ্তব্য সম্পাদন কৰিব পাৰি তাৰ সন্ধান দিছে। শ্ৰীমতী মুৰ্মুৱে লগতে ভগৱান শ্ৰীকৃষ্ণই দেখুৱাই যোৱা পথ অনুসৰণ কৰিবলৈ আৰু সমাজ তথা ৰাষ্ট্ৰৰ সুদৃঢ়কৰণৰ বাবে কাম কৰিবলৈ নাগৰিকসকলক আহ্বান জনাইছে। প্...

August 16, 2025 6:26 PM

views 95

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ততালিকে যুদ্ধবিৰতি সন্দৰ্ভত কোনো ঘোষণা কৰা নাই

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে আলাস্কাত অনুষ্ঠিত প্রায় তিনি ঘণ্টাজোৰা আলোচনাত ইউক্রেইনৰ যুদ্ধৰ অৱসানৰ সমাধানসূত্ৰৰ কাষ চাপি যোৱা বুলি প্ৰকাশ কৰিছে। দুয়োপক্ষই অৱশ্যে ততালিকে যুদ্ধবিৰতি সন্দৰ্ভত কোনো ঘোষণা কৰা নাই। শ্ৰীট্রাম্পে এখন সংবাদ মেলত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বৈঠকখন ফলপ্রসূ হোৱা বুলি অভিহিত কৰে। তেওঁ কয় যে বৈঠকত কেইবাটাও বিষয়ত ঐক্যমত্যত উপনীত হব পৰা গৈছে যদিও এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। শ্ৰীট্টাম্পে শান্ত...