চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ আমন্ত্ৰণ মৰ্মে নেতাগৰাকী ভাৰতলৈ আহিব। ভ্ৰমণৰ সময়ছোৱাত চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্ত বিষয় বন্দৰ্ভত ভাৰতৰ বিশেষ প্রতিনিধি অজিত দোভালৰ সৈতে ২৪ সংখ্যক বিশেষ প্রতিনিধি আলোচনা বৈঠকত মিলিত হ’ব। ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে ৱাং ইৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়।
Assamese | August 16, 2025 8:37 PM | Akashvani News | India Vs China
চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব