August 16, 2025 8:37 PM

views 71

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ই পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ আমন্ত্ৰণ মৰ্মে নেতাগৰাকী ভাৰতলৈ আহিব। ভ্ৰমণৰ সময়ছোৱাত চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ভাৰত-চীন সীমান্ত বিষয় বন্দৰ্ভত ভাৰতৰ বিশেষ প্রতিনিধি অজিত দোভালৰ সৈতে ২৪ সংখ্যক বিশেষ প্রতিনিধি আলোচনা বৈঠকত মিলিত হ'ব। ভাৰতৰ বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰে ৱাং ইৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

July 14, 2025 2:43 PM

views 63

চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° জয়শংকৰ বৈঠক

● দুদিনীয়া কাৰ্যসূচীৰে চীনত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি দেশখনৰ উপ-ৰাষ্ট্ৰপতি হান ঝিঙৰ সৈতে বেইজিঙত বৈঠকত মিলিত হয়। ড° জয়শংকৰে এই বৈঠকত জটিল আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত মতামত আৰু দৃষ্টিভংগীৰ মুকলি বিনিময়ৰ পোষকতা কৰে। দুয়োদেশৰ মাজৰ সম্পৰ্কৰ ধাৰাবাহিক সুস্থিৰতাই দেশ দুখনক পাৰস্পৰিক সুফল দিব বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ মাজত বিগত বছৰৰ অক্টোবৰত কাজানত হোৱা বৈঠকৰ পাছত দেশ দুখনৰ...

October 22, 2024 11:13 AM

views 58

পূব লাডাখত প্রকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনৰ মাজত হোৱা চুক্তিক বিদেশমন্ত্ৰী জয়শংকৰৰ প্ৰশংসা

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে পূব লাডাখত প্রকৃত নিয়ন্ত্ৰণ ৰেখাত টহল দিয়াৰ ব্যৱস্থা সন্দৰ্ভত ভাৰত আৰু চীনৰ মাজত হোৱা চুক্তিক প্ৰশংসা কৰিছে । তেওঁ কয় যে এইক্ষেত্ৰত দুয়োখন দেশ ২০২০ চনৰ পৰিস্থিতিলৈ ওভতি গৈছে। ডাঃ জয়শংকৰে লগতে কয় যে এইক্ষেত্ৰত চীনৰ সৈতে থকা ভাৰতৰ বিচ্ছিন্নতামূলক মনোভাৱৰ সমাপ্তি ঘটিছে। এয়া ইতিবাচক বিকাশ, ধৈৰ্য্য আৰু অতি অধ্যৱসায়ী কূটনীতিৰ ফল বুলিও বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

October 1, 2024 2:40 PM

views 90

ভাৰত আৰু চীনৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পৰিস্থিতি স্বাভাৱিক নহয় যদিও সুস্থিৰ হৈ আছেঃ উপেন্দ্ৰ দ্বিবেদী

সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কৈছে যে ভাৰত আৰু চীনৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পৰিস্থিতি স্বাভাৱিক নহয় যদিও সুস্থিৰ হৈ আছে। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা বার্তালাপক সম্বোধন কৰি সেনা বাহিনীৰ মুৰব্বীগৰাকীয়ে কয় যে ভাৰতে সদায় ২০২০ চনৰ এপ্ৰিলৰ পূৰ্বৰ পৰিস্থিতি অব্যাহত ৰখাটো বিচাৰে। তেওঁ লগতে কয় যে প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ মধ্যৱতী অঞ্চল পূৰ্বৰ পৰিস্থিতি ওভোতাই অনাৰ ক্ষেত্ৰত পূৰ্বৰদৰে তহলদাৰীৰ ব্যৱস্থা কৰা হ'ব। সেনাবাহিনীৰ মুৰব্বীগৰাকীয় কয় যে নিয়ন্ত্ৰণ ৰেখাৰ পূৰ্বৰ ব্যৱস্থা ব...

August 1, 2024 8:25 PM

views 52

বিগত ১০ বছৰত ভাৰত আৰু ভিয়েটনামৰ মাজৰ সম্পর্ক অধিক সম্প্ৰসাৰিত আৰু গভীৰ হৈ পৰিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনহৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই ভার্চুৱেল ব্যৱস্থাৰে ভিয়েটনামৰ নহা তৰাঙৰ দূৰ সংযোগ বিশ্ববিদ্যালয়ৰ সেনা ছফ্টৱেৰ উদ্যান মুকলি কৰে। ভাৰত আৰু ভিয়েটনামৰ মাজৰ সহযোগিতামূলক প্ৰকল্পৰ অধীনত এই উদ্যানখন নিৰ্মাণ কৰি উলিয়াইছে। ভাৰতে এই প্ৰকল্পৰ বাবে ৫০ লাখ ডলাৰৰ সাহায্য অনুদান আগবঢ়াইছে। দুয়ো পক্ষই সীমা শুল্ক, সামর্থ বৃদ্ধি, কৃষি গৱেষণা আৰু শিক্ষা, সামুদ্রিক ঐতিহ্য, ঔষধি গছ আৰু আইনী ক্ষেত্ৰত সহ...

July 4, 2024 2:45 PM

views 63

চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ

■ বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে আজি আস্তানাত চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই সীমান্ত অঞ্চলৰ বাকী থকা বিষয়সমূহৰ ক্ষেত্ৰত আগতীয়া সমাধান সম্পর্কে পর্যালোচনা কৰে। উভয় পক্ষই সামৰিক আৰু কূটনৈতিক দুয়োটা ক্ষেত্ৰতে প্ৰচেষ্টা দুগুণ বৃদ্ধি কৰি এই লক্ষ্যত উপনীত হোৱাৰ বাবে সমর্থন আগবঢ়ায়। ড০ জয়শংকৰে কয় যে, প্রকৃত নিয়ন্ত্ৰণ ৰেখা এল এ চিৰ প্ৰতি সন্মান ৰাখি সীমান্ত অঞ্চলৰ শান্তি আৰু সম্প্ৰীতি নিশ্চিত কৰাটো অতি প্রয়োজন। তেওঁ কয় যে, ভাৰত-চীন দ্বিপাক্ষিক বান্ধোন, তিনিটা পাৰস্পৰিক...

April 2, 2024 7:18 PM

views 65

চীনে অৰুণাচলৰ বহু ঠাইৰ নাম সলনি কৰা কাৰ্যক ভাৰতৰ গৰিহণা

♦ চীনে অৰুণাচল প্ৰদেশৰ ভালেমান ঠাইৰ নাম সলনি কৰা কাৰ্যক ভাৰতে গৰিহণা দিছে। বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কৈছে যে, এনেধৰণৰ মনেসজা নামে অৰুণাচল প্ৰদেশৰ বাস্তৱিকতা সলনি কৰিব নোৱাৰে। অৰুণাচল প্ৰদেশ সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল আৰু আগলৈও অভিন্ন অংগ হৈ থাকিব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। Read More News :  ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ১১২ জনীয়া প্রার্থী তালিকা প্রকাশ  অমৰনাথ যাত্ৰা-২০২৪ৰ প্ৰস্তুতিৰ বুজ ল’বলৈ জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল ডুল্লুৰ বৈঠক  চীনে বাৰে বাবে নাম...