সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে কৈছে যে ভাৰত আৰু চীনৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পৰিস্থিতি স্বাভাৱিক নহয় যদিও সুস্থিৰ হৈ আছে। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা বার্তালাপক সম্বোধন কৰি সেনা বাহিনীৰ মুৰব্বীগৰাকীয়ে কয় যে ভাৰতে সদায় ২০২০ চনৰ এপ্ৰিলৰ পূৰ্বৰ পৰিস্থিতি অব্যাহত ৰখাটো বিচাৰে। তেওঁ লগতে কয় যে প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ মধ্যৱতী অঞ্চল পূৰ্বৰ পৰিস্থিতি ওভোতাই অনাৰ ক্ষেত্ৰত পূৰ্বৰদৰে তহলদাৰীৰ ব্যৱস্থা কৰা হ’ব। সেনাবাহিনীৰ মুৰব্বীগৰাকীয় কয় যে নিয়ন্ত্ৰণ ৰেখাৰ পূৰ্বৰ ব্যৱস্থা বাহাল নকৰা পৰ্যন্ত ভাৰতে কোনোধৰণৰ আকস্মিক পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি অব্যাহত ৰাখিছে।
Assamese | October 1, 2024 2:40 PM | General Upendra Dwivedi | India Vs China
ভাৰত আৰু চীনৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত পৰিস্থিতি স্বাভাৱিক নহয় যদিও সুস্থিৰ হৈ আছেঃ উপেন্দ্ৰ দ্বিবেদী