বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে পূব লাডাখত প্রকৃত নিয়ন্ত্ৰণ ৰেখাত টহল দিয়াৰ ব্যৱস্থা সন্দৰ্ভত ভাৰত আৰু চীনৰ মাজত হোৱা চুক্তিক প্ৰশংসা কৰিছে । তেওঁ কয় যে এইক্ষেত্ৰত দুয়োখন দেশ ২০২০ চনৰ পৰিস্থিতিলৈ ওভতি গৈছে। ডাঃ জয়শংকৰে লগতে কয় যে এইক্ষেত্ৰত চীনৰ সৈতে থকা ভাৰতৰ বিচ্ছিন্নতামূলক মনোভাৱৰ সমাপ্তি ঘটিছে। এয়া ইতিবাচক বিকাশ, ধৈৰ্য্য আৰু অতি অধ্যৱসায়ী কূটনীতিৰ ফল বুলিও বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | October 22, 2024 11:13 AM | India Vs China | Jaysankar
পূব লাডাখত প্রকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনৰ মাজত হোৱা চুক্তিক বিদেশমন্ত্ৰী জয়শংকৰৰ প্ৰশংসা