August 11, 2025 7:26 PM

views 41

৮৩ বছৰ বয়সত বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান

বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ আজি দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। গতিশীল সময়ৰ ৰায় মানি কাহানিও উভতি নহা বাটেৰে আজি বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তই বিদায় মাগিছে। সাত দশকৰো অধিক কালজুৰি অসমীয়া গীতি সাহিত্য, অভিনয়, চলচ্চিত্ৰ আৰু নাট্যক্ষেত্ৰলৈ বৰঙণি যোগাই অহা হেমন্ত দত্তৰ গীতসমূহে অগণন শ্ৰোতাৰ হৃদয় জিনিবলৈ সমৰ্থ হৈছে। ১৯৪২ চনত দৰং জিলাৰ খাৰুপেটিয়াত জন্মলাভ কৰা হেমন্ত দত্তই...

August 11, 2025 7:21 PM

views 59

স্বাধীনতা দিৱসলৈ মাজত মাথো ৩ টা দিন বাকী

স্বাধীনতা দিৱসলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত বিভিন্ন জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে। বিভিন্ন জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ অংশৰূপে চাইকেল সমদলৰ আয়োজন কৰা হৈছে। বিভিন্ন জিলাৰ সদৰত আৰক্ষী, চি আৰ পি এফ, এন চি চি আৰু স্কাউট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীসকলে পেৰেডৰ অনুশীলন কৰা পৰিলক্ষিত হৈছে। ইফালে গুৱাহাটীৰ চানমাৰিত অৱস্থিত অসম ৰাজ্যিক খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডে ৫ হাজাৰ জাতীয় পতাকা প্রস্তুত কৰাৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। এই সন্দৰ্ভত খাদী ব'ৰ্ডৰ বিপণন শাখাৰ ভাৰপ্ৰাপ্ত বি...

August 11, 2025 12:35 PM

views 34

শাওণ মাহৰ শেষৰটো সোমবাৰ উপলক্ষে ৰাজ্যৰ ঐতিহাসিক শিৱ মন্দিৰসমূহত ভক্তিপ্ৰাণ ৰাইজৰ পূজা-অৰ্চনা

■ আজি শাওণ মাহৰ শেষৰটো সোমবাৰ উপলক্ষে ৰাজ্যৰ ঐতিহাসিক শিৱ মন্দিৰসমূহৰ লগতে হোজাই জিলাৰ শ্ৰী শ্ৰী লংকেশ্বৰী থানৰ শিৱ মন্দিৰতো ভক্তিপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হয়। শ্ৰী শ্ৰী লংকেশ্বৰী থানৰ পুৰোহিতগৰাকীয়ে আমাৰ হোজাই জিলাৰ সংবাদদাতাক জনোৱা মতে ১০০ বছৰ পুৰণি এই থানত সোমবাৰ উপলক্ষে আজি পুৱাৰেপৰা বহু দূৰ-দূৰণিৰ লোকে পূজা-অৰ্চনা আগবঢ়াবলৈ ভিৰ কৰিছে।

August 11, 2025 12:24 PM

views 43

বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান

■ বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। কেইবাখনো চলচ্চিত্ৰত অভিনয়, শতাধিক নাট আৰু পাঁচ শতাধিক গীত ৰচনাৰে অসমৰ অভিনয় আৰু সাহিত্য জগতত অৱদান আগবঢ়াই যোৱা গীতিকাৰগৰাকীয়ে কেইবাখনো চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰিছিল। ভ্ৰাম্যমানৰ বাবে ভালেমান নাট ৰচনা আৰু পৰিচালনা কৰা দত্তক ২০১৮-১৯ বৰ্ষৰ ভৱেন্দ্ৰনাথ শ‍ইকীয়া বঁটা আৰু ২০১৮ বৰ্ষৰ গুৰুজী আদ্য শৰ্মা বঁটাৰে সন্মানিত কৰা হৈছিল...

August 11, 2025 12:14 PM

views 52

গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত অইল-আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতা

● সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলৰ টেনিছ প্ৰকল্পত আজিৰে পৰা অইল-আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাৰ মূল ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হ'ব। আজি একক শাখাৰ খেল অনুষ্ঠিত হ'ব। কালি সমাপ্ত হোৱা প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচৰ অন্তত ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ প্ৰতিটো শাখাতে আঠ গৰাকীকৈ মুঠ ৩২ গৰাকী খেলুৱৈয়ে মূল ৰাউণ্ডত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত দেশৰ ২০ খন ৰাজ্যৰ প্ৰায় ১৮৫ গৰাকী খেলুৱৈয়ে অংশ লৈছে।

August 11, 2025 12:09 PM

views 133

অসম সাহিত্য সভাৰ উদ্যোগত সদৌ অসম ভিত্তিত কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতা সম্পন্ন

● অসম সাহিত্য সভাৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত স্ব-নির্বাচিত কবিতা আবৃত্তি আৰু তৰ্ক প্ৰতিযোগিতাত গুৱাহাটীৰ ৰাগিনী কাশ্যপ ‘ক’ শাখাৰ শ্রেষ্ঠ আবৃত্তিকাৰ আৰু তৰ্ক প্ৰতিযোগিতাত পাঠশালাৰ হিয়া কলিতা শ্রেষ্ঠ তার্কিক হিচাপে নিৰ্বাচিত হৈছে। একেদৰে ‘খ’ শাখাত জুচিপৰ্ণা ডেকা শ্রেষ্ঠ আবৃত্তিকাৰ আৰু যোৰহাটৰ প্ৰাঞ্জলজ্যোতি ভূঞা শ্রেষ্ঠ তার্কিক হিচাপে নির্বাচিত হয়। অসম সাহিত্য সভাৰ কুঁহি, ৰামধেনু, তথ্য প্ৰযুক্তি আৰু আবৃত্তি কলা তথা হাস্য-ব্যংগ উপ-সমিতিৰ সহযোগত গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত আয...

August 11, 2025 11:56 AM

views 48

স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

● স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্ৰপন্থী সংগঠনসমূহে কোনো ধৰণৰ কূটাঘাটমূল কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে উজনি অসমৰ লগতে গুৱাহাটী মহানগৰী আৰু নামনি অসমৰ বিভিন্ন স্থানত আৰক্ষীয়ে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। বিশেষকৈ পাইপলাইন, ৰে'ল পথ, ৰে'ল ষ্টেচন, বাছ আস্থান, দলং আদিৰ দৰে স্পৰ্শকাতৰ স্থানসমূহত নিৰাপত্তাৰক্ষীয়ে কঠোৰ দৃষ্টি ৰাখিছে। একেদৰে অসম সংলগ্ন আন্তঃৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক সীমান্...

August 11, 2025 11:49 AM

views 67

ইটানগৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠৰ নতুন ভৱন মুকলি

● ইটানগৰত কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপীঠৰ নতুন ভৱন মুকলি কৰা হয়। এই ভৱন মুকলি অনুষ্ঠানত অংশগ্রহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভায়ে ন্যায় প্রদান ব্যৱস্থাক শাসক আৰু ক্ষমতাশালীৰ মাজত আৱদ্ধ নাৰাখি জনতাৰ দৰবাৰলৈ নিব লাগে বুলি মন্তব্য কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, যে জনসাধাৰণে সহজে ন্যায় পোৱাটো নিশ্চিত কৰিব লাগিব। অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভূমিকাক প্ৰশংসা কৰি তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়...

August 8, 2025 3:08 PM

views 34

দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অহা ৯ ছেপ্তেম্বৰত নিৰ্বাচন

■ দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অহা ৯ ছেপ্তেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইয়াৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২১ আগষ্ট ধাৰ্য কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি নতুন দিল্লীত এখন সংবাদ মেলযোগে এই বিষয়ে প্ৰকাশ কৰে। অহা ৯ ছেপ্তেম্বৰতেই নিৰ্বাচনৰ ভোটগণনাও কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এন ডি এ-য়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাক মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰাৰ দায়িত্ব অর্পণ কৰিছে। সংসদীয় চৌহদত অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ...

August 8, 2025 1:14 PM

views 39

বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত নৱনিৰ্মিত দ্বিতীয়টো টার্মিনেল ভৱনলৈ আন্তঃৰাষ্ট্ৰীয় স্থাপত্য বঁটা, ২০২৫

বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত নৱনিৰ্মিত দ্বিতীয়টো টার্মিনেল ভৱনলৈ আন্তঃৰাষ্ট্ৰীয় স্থাপত্য বঁটা, ২০২৫ আগবঢ়োৱা হৈছে। পৰিবহণ শিতানত টার্মিনেল ভৱনটোৱে এই স্বীকৃতি লাভ কৰিছে। বিমান বন্দৰটোৱে অলংকৰণ আৰু সাংস্কৃতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰত এই সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছে। দ্বিতীয় টার্মিনেল ভৱনটো নিৰ্মাণত বাঁহ আৰু কপৌ ফুলৰ নমুনা সংগ্ৰহ কৰা হৈছে। অসমৰ জৈৱ বৈচিত্ৰ পৰম্পৰাক ভৱনটোৰ ৰূপ আৰু আৰ্হিৰ সৈতে সংলগ্ন কৰি ন-ৰূপত প্ৰদৰ্শন কৰা হৈছে। ১.৪০ লাখ বর্গমিটাৰ এলেকাজোৰা নৱনিৰ্মিত দ্ব...