■ দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অহা ৯ ছেপ্তেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২১ আগষ্ট ধাৰ্য কৰা হৈছে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি নতুন দিল্লীত এখন সংবাদ মেলযোগে এই বিষয়ে প্ৰকাশ কৰে। অহা ৯ ছেপ্তেম্বৰতেই নিৰ্বাচনৰ ভোটগণনাও কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এন ডি এ-য়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যসভাৰ নেতা জে পি নাড্ডাক মিত্ৰজোঁটৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বাছনি কৰাৰ দায়িত্ব অর্পণ কৰিছে। সংসদীয় চৌহদত অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ নেতাসকলৰ এখন বৈঠকত কালি সর্বসম্মতিক্রমে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে যোৱা ২১ জুলাইত জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি লোৱাৰ পৰিপ্ৰেক্ষিতত এই নির্বাচন অনুষ্ঠিত কৰাৰ প্ৰয়োজন হয়।
Assamese | August 8, 2025 3:08 PM | Akashvani News
দেশৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অহা ৯ ছেপ্তেম্বৰত নিৰ্বাচন