January 22, 2026 12:20 PM

views 93

কাইলৈ সৰস্বতী পূজা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা হ'ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ৰাজ্য বিভিন্ন প্ৰান্ততো এই পূজাৰ আয়োজন কৰা হৈছে। মৃণ্ময় মূৰ্তিক প্রাণৱন্ত কৰাৰ বাবে প্ৰতিমা আৰু পূজাৰ সামগ্ৰীৰে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজাৰ বাবে আজিৰে পৰাই উলহ-মালহ পৰিবেশে বিৰাজ কৰিছে।

January 22, 2026 12:17 PM

views 60

চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে ৩গৰাকী আৰক্ষী জোৱানক নিলম্বন

বিশ্বনাথ জিলাৰ চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে তিনিগৰাকী আৰক্ষী জোৱানক নিলম্বন কৰা হৈছে। নিলম্বিত জোৱানকেইজন কনিষ্টবল প্রিয়ংকা বাৰুতি, এল চি বিমান দাস আৰু চন্তৰীৰ দায়িত্বত থকা জন কোৰাদাক বুলি প্ৰকাশ কৰা হৈছে। বিশ্বনাথ আৰক্ষী অধীক্ষকে এটা নির্দেশযোগে এই জোৱানকেইজনক নিলম্বন কৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এজন মাদক দ্ৰব্য সৰবৰাহকাৰী থানাৰ পৰা পলায়ন কৰাৰ পাছতে আৰক্ষীৰ লোককেইজনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হয় ।

January 22, 2026 12:14 PM

views 53

অসমত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব

বিধানসভা নিৰ্বাচনৰ বাবে অসমত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। ভোটাৰসকলক তেওঁলোকৰ কিবা ওজৰ-আপত্তি থাকিলে আজিৰ ভিতৰত এইসমূহ দাখিল কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগে ইতিমধ্যে অধিসূচনাৰ জৰিয়তে আহ্বান জনাইছে। অভিযোগ নিষ্পত্তিৰ পাছতে অহা ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ'ব। উল্লেখযোগ্য যে যোৱা ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছিল। ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ বাবে নিৰ্বাচন আয়োগে যোৱা ১৭ নৱেম্বৰত অধিসূচনা জাৰি কৰিছিল। এই অধিসূচনাত ভোটাৰৰ নাম সংশোধন,...

January 22, 2026 12:07 PM

views 40

গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্রতিষ্ঠান আই আই ই পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীৰ

কেন্দ্ৰীয় দক্ষতা আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কালি গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্রতিষ্ঠান আই আই ই পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে আই আই ই চৌহদত নতুনকৈ স্থাপন কৰা দক্ষতা ভাৰত আন্তর্জাতিক কেন্দ্ৰও প্ৰত্যক্ষ কৰাৰ লগতে আন্তঃগাঁথনি আৰু আন্তৰ্জাতিক দক্ষতা মানৰ প্ৰসাৰ আৰু বিশ্বব্যাপী নিয়োগৰ সুযোগ বৃদ্ধিৰ লক্ষ্যৰে চলি থকা পদক্ষেপসমূহৰ বিষয়ে পর্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ উপৰি দক্ষতা ক্ষেত্ৰখনৰ সৈতে জড়িত অংশীদাৰী এম এছ এম ই ক্ষেত্ৰৰ প্...

January 22, 2026 11:47 AM

views 69

শিৱসাগৰত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন

শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাছু জিলা সমিতিৰ সহযোগত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন কৰা হৈছে। উদযাপন সমিতিয়ে আজি এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি কয়, যে প্ৰতিবছৰে মে-ডাম-মে-ফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন এইবাৰ বাতিল কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে ১ ফেব্ৰুৱাৰীত শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত ৰাজ্যিক ভিত্তিত হেৰিটেজ ৰানৰ আয়োজন কৰা হ'ব। পুৰুষ আৰু মহিলাৰ তিনিটা শাখাত হ'বলগীয়া এই প্রতিযোগিতাত বিজ...

January 22, 2026 12:22 PM

views 58

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৮ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৪ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাৰ বতৰ শুকান হোৱাৰ আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা ...

January 22, 2026 12:04 PM

views 46

পানীখাইটিত চি টি আই চৌহদৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰা হ’ব

কামৰূপ মহানগৰ জিলাৰ পানীখাইটিত আজি অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ কেন্দ্ৰীয় প্রশিক্ষণ প্ৰতিষ্ঠান চমুকৈ চি টি আই চৌহদৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। অনুষ্ঠানত গুৱাহাটী লোকসভা সভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাও উপস্থিত থাকিব। এই নতুন আন্তঃগাঁথনিত প্ৰশিক্ষাৰ্থীৰ আবাস, শিক্ষাদান ব্লক, ৰান্ধনীশাল আৰু ডাইনিং হল, সামগ্ৰী সংৰক্ষণ, উদ্ধাৰ...

January 22, 2026 12:01 PM

views 61

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৫জন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি শুনানি

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি গ্ৰহণ কৰা হ'ব। জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰা পাঁচজনীয়া বিশেষ লোক অধিবক্তাৰ দলে আজি এই অভিযুক্তসকলৰ জামিনৰ বিৰোধিতাৰে আদালতত লিখিত আবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যু সম্পৰ্কীয় গোচৰত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটে ৭ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান বাক্সা জিলা কা...

January 22, 2026 11:42 AM

views 47

জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা ২৪ জানুৱাৰীলৈ পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ

অসম-নগালেণ্ড সীমাৰ বান্দৰছলিয়াৰ স্বৰ্ণপুৰ আৰু আগহাটিটুৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত আজিৰ পৰা ২৪ জানুৱাৰীলৈ পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত হ'ব। অসমীয়া আৰু নগা লোকৰ সাতামপুৰুষীয়া সম্প্রীতি-সম্পর্ক দৃঢ় কৰাৰ উদ্দেশ্যে পাদদেশীয় সমন্বয় মঞ্চৰ উদ্যোগত আৰু উত্তৰ-পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চৰ সহযোগত আয়োজিত এই ৰাষ্ট্ৰীয় নাট মহোৎসৱত অসমৰ লগতে নগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ কেইবাটাও নাট্যদলে অংশগ্রহণ কৰিব। মুকলি মঞ্চত দিনৰ ভাগতে নাটক মঞ্চস্থ হ'বলগা এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান...

January 19, 2026 7:30 PM

views 48

ধেমাজি জিলাত কেইবাটাও অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে গোগামুখৰ ম‍ইনাপাৰাত আয়োজিত এটা অনুষ্ঠানত লোক নির্মাণ বিভাগে নিৰ্মাণ কৰা চাৰিটা পথ ৰাইজলৈ উৎসৰ্গা কৰে। মুখ্যমন্ত্রী পকী পথ নির্মাণ আঁচনিৰ অধীনত চাৰি কোটিৰো অধিক টকা ব্যয় সাপেক্ষ মইনাপাৰাৰ পৰা দীঘলী পথাৰ অভিমুখী পথ, চুতিয়াপাৰাৰ পৰা দক্ষিণ নলবাৰী এল পি স্কুল, চেতিয়াগাঁও তিনিআলিৰ পৰা আয়াং তিনিআলি আৰু বাড়ুলুকাৰ পৰা কমাৰচলালৈ যোৱা চাৰিটা পথ মুকলি কৰে। মন...