January 24, 2026 7:54 PM

views 98

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাত গণৰাজ্য দিৱসৰ ব্যাপক প্রস্তুতি

৭৭ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত এদিন থকা অৱস্থাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ আটাইকেইখন জিলাতে ব্যাপক প্রস্তুতি চলিছে। জিলা সদৰ সমূহত কুচকাৱাজৰ অনুশীলন কৰি থকা হৈছে। গুৱাহাটীৰ খানাপাৰত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই পুৱা ৯ বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ২৪টা দলে কুছকাৱাজৰ অনুশীলন অব্যাহত ৰাখিছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা।...

January 23, 2026 2:15 PM

views 58

ৰাজ্যত ১০ হাজাৰ শিক্ষাৰ্থীক বছৰি প্ৰশিক্ষণ দিব পৰাকৈ স্থাপন কৰা দক্ষতা বিশ্ববিদ্যালয়খন চৰকাৰে মুকলি কৰিব

অসম চৰকাৰে অহা কেইসপ্তাহমানৰ ভিতৰতে ৰাজ্যত ১০ হাজাৰ শিক্ষাৰ্থীক বছৰি প্ৰশিক্ষণ দিব পৰাকৈ স্থাপন কৰা দক্ষতা বিশ্ববিদ্যালয়খন মুকলি কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে বিকাশৰ ক্ষেত্ৰত বহুমুখী পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ডাভ’ছত এই কথা ঘোষণা কৰিছে।

January 23, 2026 1:24 PM

views 80

১৪ ফেব্ৰুৱাৰীত প্ৰধানমনন্ত্ৰীৰ পুনৰ অসম ভ্ৰমণৰ সম্ভাৱনা

ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ নৱনিৰ্মিত দলংখন প্রধানমনন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ফেব্ৰুৱাৰীত উদ্বোধন কৰাৰ সম্ভাৱনা আছে। এই উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ আমন্ত্ৰণ জনোৱাৰ বিষয়ে কালি সামাজিক মাধ্যমত প্ৰকাশ কৰে। এই একেটা ভ্ৰমণতে প্রধানমন্ত্ৰী গৰাকীয়ে ইণ্ডিয়ান ইনষ্টিটিউট অব মেনেজমেণ্টৰ শুভাৰম্ভণি আৰু ১০০ খন ইলেকট্রনিক বাছ মুকলি কৰাৰ লগতে মৰাণত এডভান্স লেণ্ডি ফেছিলিটি অর্থাৎ ভাৰতীয় বায়ু সেনাৰ বিমান ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰ...

January 23, 2026 5:02 PM

views 62

পৰম্পৰাগত ৰীতি-নীতিৰে সমগ্ৰ ৰাজ্যতে সৰস্বতীৰ পূজা উদযাপন

■ সমগ্ৰ ৰাজ্যতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষা প্ৰতিষ্ঠানত আজি পুৱাৰে পৰা বাগদেৱীৰ পূজা অৰ্চনা কৰা হৈছে। ধৰ্মীয় ৰীতি-নীতিৰে মা সৰস্বতীক আকর্ষণীয়কৈ সজাই বেদীত প্ৰতিষ্ঠা কৰি জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত ছাত্ৰ-ছাত্ৰীসকলে আশীষ গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষা প্রতিষ্ঠান তথা বিভিন্ন আবাসিক অঞ্চলত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। সৰস্বতী পূজা উপলক্ষ্যে ছাত্র...

January 23, 2026 5:08 PM

views 50

গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ সকলো চৰকাৰী কাৰ্যালয় ২৬ জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আয়ুক্তৰ জাননী

সমাগত গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ সকলো চৰকাৰী কাৰ্যালয় ২৬ জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আয়ুক্তই এখন জাননী জাৰি কৰিছে। ডিব্ৰুগড়ৰ খনিকৰ ফিল্ডত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব।

January 23, 2026 12:01 PM

views 70

সৰস্বতীৰ পূজা উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহ পৰিৱেশ

বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ- মালহ পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানত শিক্ষাৰ্থীসকল ভিৰ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ কেইবাখনো শৈক্ষিক প্রতিষ্ঠান তথা বিভিন্ন আবাসিক অঞ্চলত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত প্ৰায়বোৰ অনুষ্ঠান-প্ৰতিষ্ঠানতে আজি পুৱাৰেপৰা সৰস্বতী পূজা অনুষ্ঠিত হৈছে। কাছাৰ জিলাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয় আদিত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ বিভিন্ন শিক্ষানুষ্...

January 23, 2026 11:40 AM

views 56

জাগীৰোডৰ জোনবিলৰ পাৰত ৩ দিনীয়াকৈ জোনবিল মেলা

● জাগীৰোডৰ জোনবিলৰ পাৰত কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাত আজি কাহিলী পুৱাতে ঐতিহাসিক বিনিময় প্রথাৰে হাট মুকলি কৰা হয়। পাহাৰৰ মামা-মামীসকল সামগ্ৰী বিনিময়ৰ বাবে মেলালৈ আহিছে। তেওঁলোকে পাহাৰত উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰীৰে ভৈয়ামৰ লোকসকলৰ সৈতে অন্যান্য সামগ্ৰী আদান-প্ৰদান কৰিছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বিনিময় প্রথাৰ মূল হাট মুকলি কৰে। ইয়াৰ পাছতে জোনবিলৰ পাৰত সমূহীয়া মাছ ধৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ অনুষ্ঠিত ...

January 23, 2026 4:31 PM

views 53

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীৰ্ষক আলোচনা প্ৰচাৰ

৭৭ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত কাইলৈ নিশা ৮ বাজি ২ মিনিটত ‘মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ’ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি ড০ সূর্য দাস, মহিলা সমাজৰ প্ৰতিনিধি মিনাক্ষী কাকতি আৰু ছাত্ৰ সমাজৰ প্ৰতিনিধি অৰুণাভ হাজৰিকাই। অনুষ্ঠানৰ আঁত ধৰিব জিণ্টী ৰাণী ডেকাই। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

January 23, 2026 4:27 PM

views 47

ৰঙিয়া শিৱমন্দিৰ প্ৰাংগণত শ্ৰীশ্ৰী মহা মৃত্যুঞ্জয় যজ্ঞৰ আয়োজন

ৰঙিয়াৰ মৃত্যুঞ্জয় শিৱমন্দিৰৰ ২৫ বছৰ পূর্তি উপলক্ষে আজিৰে পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙিয়া শিৱমন্দিৰ প্ৰাংগণত শ্ৰীশ্ৰী মহা মৃত্যুঞ্জয় যজ্ঞৰ আয়োজন কৰা হৈছে। বৃহত্তৰ ৰঙিয়াৰ সনাতন ধৰ্মী লোকসকলৰ উপাসনাৰ অন্যতম কেন্দ্ৰস্থল এই শিৱমন্দিৰ প্ৰাংগণত আজি পুৱাৰ ভাগত সামূহিক চাফাই অভিযান, বেদধবনি আৰু জপ পৰ্ব অনুষ্ঠিত হয়। দিনৰ ভাগত নৰেন্দ্ৰ শৰ্মাৰ সভাপতিত্বত এখন ধর্মালোচনী সভা অনুষ্ঠিত হ'ব। মন্দিৰৰ ৰূপালী জয়ন্তী উপলক্ষে ৰাজ্যসভাৰ সাংসদ ভূবনেশ্বৰ কলিতাই মৃত্যুঞ্জয় নামৰ এখন স্মৃতি গ্রন্থও উন্...

January 22, 2026 12:36 PM

views 48

দেউৰী জনগোষ্ঠীৰ লোকসকলৰ আজি মাঘ বিচু অর্থাৎ মাঘ বিহু পালন

দেউৰী জনগোষ্ঠীৰ লোকসকলে আজি মাঘ বিচু অর্থাৎ মাঘ বিহু পালন কৰিছে। জনগোষ্ঠীটোৰ বসতিপ্ৰধান ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰ পূব চিৰাম দেউৰী, পশ্চিম চিৰাম দেউৰী আৰু মাজৰ দেউৰী গাঁৱৰ লোকসকলে উলহ-মালহেৰে বিহু পালন কৰিছে। পূব চিৰাম গাঁৱৰ দেউৰী ৰাইজে সমজুৱাকৈ আয়োজন কৰা ভোগালী বিহুস্থলীত কালি উৰুকাৰ নিশা ভোজ-ভাত খাই আজি পুৱতি নিশা পৰম্পৰা ৰক্ষা কৰি মেজিত অগ্নি সংযোগ কৰা হয়। গাঁৱৰ ৰাইজে সমূহীয়াকৈ অগ্নি সেৱা কৰি আশীৰ্বাদ লয়।