বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ- মালহ পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানত শিক্ষাৰ্থীসকল ভিৰ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ কেইবাখনো শৈক্ষিক প্রতিষ্ঠান তথা বিভিন্ন আবাসিক অঞ্চলত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত প্ৰায়বোৰ অনুষ্ঠান-প্ৰতিষ্ঠানতে আজি পুৱাৰেপৰা সৰস্বতী পূজা অনুষ্ঠিত হৈছে। কাছাৰ জিলাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয় আদিত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। ধুবুৰী জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানও বাগদেৱীৰ বন্দনাৰে মুখৰ হৈ পৰিছে। গোৱালপাৰা জিলাতো সৰস্বতী পূজাৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানসমূহত পুৱাৰে পৰা প্ৰস্তুতি চলাই থকা হৈছে। একেদৰে বিশ্বনাথ জিলাতো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাক লৈ আনন্দৰ পৰিৱেশে বিৰাজ কৰিছে। মাজুলীৰ বিভিন্ন স্থানত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে।
Assamese | January 23, 2026 12:01 PM | Akashvani Guwahati | Saraswati Puja
সৰস্বতীৰ পূজা উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহ পৰিৱেশ