January 19, 2026 7:24 PM

views 52

গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক অসম বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তনত ডি-লিট সন্মান প্ৰদান

ভাৰতীয় আৰক্ষী সেৱাৰ জ্যেষ্ঠ বিষয়া তথা গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তক আজি অসম বিশ্ববিদ্যালয়ৰ ২৩ সংখ্যক সমাৱৰ্তনত ডি-লিট সন্মান প্ৰদান কৰা হয়। ১৯৯৯ বেছৰ আই পি এছ বিষয়া শ্ৰীমহন্ত এই সন্মান লাভ কৰা প্ৰথমগৰাকী আৰক্ষী বিষয়া হিচাপে পৰিগণিত হৈছে। বেলুৰ মঠৰ ৰামকৃষ্ণ মিচন বিবেকানন্দ এডুকেচন এণ্ড ৰিচাৰ্ছ ইন্সটিটিউটৰ সম-উপাচাৰ্য্য আত্মপ্ৰিয়নন্দে তেওঁক এই সন্মান প্ৰদান কৰে। অনুষ্ঠানত অসম বিশ্ববিদ্যালয়ৰ অধ্যক্ষ অৰূপ ৰাহা আৰু উপাচাৰ্য্য ৰাজীৱ মোহন পন্থ উপস্থিত থাকে। উল্লেখযোগ্য যে, এ...

January 19, 2026 7:21 PM

views 46

অন্যতম ৰেডিঅ’ শ্ৰোতা সংঘ- অনাতাঁৰ মৰম আকলুৱা পৰিয়ালে আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা কৰিব

ৰাজ্যখনৰ অন্যতম ৰেডিঅ' শ্ৰোতা সংঘ- অনাতাঁৰ মৰম আকলুৱা পৰিয়ালৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ আকাশবাণীৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তি আৰু শ্ৰোতাক বঁটা প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা কৰবী হাজৰিকা, ডিব্ৰুগড় কেন্দ্ৰৰ ঘোষিকা ৰীতা গগৈ বৰা, যোৰহাট কেন্দ্ৰৰ ঘোষক দিগন্ত বৰা আৰু তেজপুৰ কেন্দ্ৰৰ ঘোষক ত্ৰৈলোক্য বৰাক বিশেষ বঁটা প্ৰদান কৰা হ'ব । ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত ঘোষক ৰূপজ্যোতি দুৱৰাক অনুষ্ঠান প্রযোজনাৰ বঁটা আৰু যুৱ সাংবাদিক নিৰঞ্জন দাসক আন দুটা বঁটা প্ৰ...

January 19, 2026 7:09 PM

views 44

মাজুলীৰ ভকতচাপৰিবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে ভকতচাপৰি আলিমূৰৰ মূল সুঁতি বন্ধ কৰাৰ ব্যৱস্থা

মাজুলীৰ ভকতচাপৰিবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে ভকতচাপৰি আলিমূৰৰ মূল সুঁতি বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই উপলক্ষে আজি অনুষ্ঠিত কার্যসূচীত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামী, বিধায়ক ভূৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু জলসম্পদ বিভাগৰ অভিযন্তাৰ লগতে অঞ্চলটোৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে এই সুঁতি বন্ধ কৰি দিয়াৰ ফলত অঞ্চলটোৰ ১৬ খন গাঁৱৰ লোক উপকৃত হ'ব। এই সুঁতিটোৱে আউনীআটী সত্ৰৰ লগতে সমগ্ৰ নামনি মাজুলীলৈ খহনীয়াৰে ভাবুকি কঢ...

January 19, 2026 6:54 PM

views 47

ৱৰ্ল্ড ইক’ন’মিক ফ’ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ছুইজাৰলেণ্ডত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ছুইজাৰলেণ্ডৰ ডাভ’ছত আজিৰে পৰা অনুষ্ঠিত ৱৰ্ল্ড ইক’ন’মিক ফ'ৰামৰ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আজি দেশখনলৈ গৈছে। মুখ্যমন্ত্ৰীক জুৰিখ বিমানবন্দৰত দেশখনত থকা প্রবাসী ভাৰতীয়সকলে আন্তৰিকতাৰে আদৰণি জনায়। ড০ শৰ্মাই জুৰিখত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান চন্মগৰত্নমক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰে। তেওঁ অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডু আৰু বিশ্ববেংকৰ অধ্যক্ষ অজয় বাংগাকো সাক্ষাৎ কৰে। অসমৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্...

January 19, 2026 6:51 PM

views 48

হত্যাকাণ্ডৰ অপৰাধত ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতৰ ৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড

কামৰূপ জিলাৰ ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে আজি এটা ৰায়যোগে হত্যাকাণ্ডৰ অপৰাধত ৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। লোক কেইজন হৈছে উত্তৰ গুৱাহাটীৰ ফুলুং গাঁৱৰ একেটা পৰিয়ালৰ তফাইল আহমেদ, ইলিজা বেগম, ৰুকিয়া ছিদ্দিকা আৰু লুতফুৰ ৰহমান। ২০১৮ চনৰ ১৬ জানুৱাৰীত এই লোক কেইজনে তেওঁলোকৰ পৰিয়ালৰ এজন সদস্যক হত্যা কৰা বুলি বাইহাটা চাৰিআলিৰ থানাত এজাহাৰ দাখিল কৰা হৈছিল। এই এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰটোৰ ৮ বছৰজোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি আদালতে ৰায় দিয়ে।

January 19, 2026 6:43 PM

views 79

বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ শেষকৃত্য সম্পন্ন

সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ডৰ শেষকৃত্য আজি আবেলি নৱগ্ৰহ শ্মশানত বহু গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয়। কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত বার্ধক্যজনিত কাৰণত শিল্পীগৰাকীৰ দেহাৱসান ঘটে। ১৯৪০ চনত জন্মলাভ কৰা যশস্বী শিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৫ বছৰ। আকাশবাণীৰ বি-হাই গ্রেড শিল্পী মিনতি খাউণ্ড শাস্ত্রীয় সংগীতৰ অন্যতম গুৰুৰূপে সমগ্ৰ দেশতে পৰিচিত আছিল। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ অসম লোকসেৱা আয়োগৰ সদস্য পৱিত্ৰ ৰাম খাউণ্ড আৰু কন্যা বিশিষ্ট বেহেলাবা...

January 19, 2026 6:34 PM

views 43

আজিৰে পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীৰ্ষক অনুষ্ঠানৰ আয়োজন

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে আজিৰে পৰা ২২ জানুৱাৰীলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূব আঞ্চলিক ভাৰতীয় দক্ষতা প্রতিযোগিতা ২০২৫-২৬ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। দেশৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ স্থিতি শক্তিশালী লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ যুৱক-যুৱতীসকলক একত্ৰিত কৰা হ'ব। তেওঁলোকে ২৬টা বিভাগৰ দক্ষতা প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। কেন্দ্ৰীয় দক্ষতা বিকাশ আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যমন্ত্রী জয়ন্ত চৌধুৰীয়ে আজি এই প্রতিযোগিতা উদ্বোধন কৰে। গু...

January 17, 2026 1:08 PM

views 58

শিল্পী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠানৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিন অর্থাৎ‍ শিল্পী দিৱস উপলক্ষে আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। নিশা ৮ বাজি ২ মিনিটৰ পৰা বাতৰি বিভাগৰ বাতৰি পঢ়োতা, বাতৰি সম্পাদক, ডিটিপি কৰ্মচাৰী আৰু সহায়কসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীত, কবিতা আৰু নাটকৰ সংলাপ পৰিৱেশন কৰিব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। ফেচবুক আৰু ইউটিউবত অনুষ্ঠানটো বিৰতিবিহীনভাৱে প্ৰচাৰিত হ'ব। অনুষ...

January 17, 2026 1:02 PM

views 108

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস উদযাপন

সমগ্ৰ ৰাজ্যতে আজি অসমীয়া সাংস্কৃতিক জগতৰ অন্যতম হোতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত শিল্পী দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰে ১৭ জানুৱাৰীত তেওঁৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি, নাটক, সংগীত, সাহিত্য, চলচ্চিত্র আদি বিভিন্ন দিশত মহান শিল্পীগৰাকীয়ে আগবঢ়াই যোৱা অৱদানসমূহৰ বিষয়ে স্মৰণ কৰা হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিল্পী দিৱসৰ পবিত্ৰ ক্ষণত অসমীয়া সংস্কৃতিক নৱ চেতনাৰে জাতিষ্কাৰ কৰা সুন্দৰৰ পূজাৰী, মহান শিল্পী অসমীয়া কথাছবি পথদ্রষ্টা, স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰ...

January 17, 2026 12:58 PM

views 76

দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদহ ৰে'ল ষ্টেচনৰ পৰা কামাখ্যা আৰু হাওৰাৰ মাজত চলাচল কৰিবলগীয়া দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰিব। আধুনিক ভাৰতৰ বৰ্ধিত পৰিবহণ চাহিদা অনুযায়ী সম্পূৰ্ণৰূপে শীত-তাপ নিয়ন্ত্রিত এই ৰে'লগাড়ীখনে বহনসাধ্য দৰত যাত্ৰীসকলক বিমান যাত্ৰাৰ দৰে সুবিধা আৰু অভিজ্ঞতা প্ৰদান কৰিব। এই ৰেলগাড়ীখনে দূৰণিবটীয়া যাত্ৰা অধিক ক্ষিপ্ৰ, নিৰাপদ আৰু সুবিধাজনক কৰি তুলিব বুলি আশা কৰা হৈছে। মালদহ ৰে'ল ষ্টেচনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রী নীত...