June 15, 2024 12:28 PM

views 85

গুৱাহাটী পৌৰ নিগমৰ ৫.৮৭ কোটি টকা ব্যয়ৰে অত্যাধুনিক ৰোড ছুইপিং মেচিন ক্ৰয়

গুৱাহাটী মহানগৰীক স্বচ্ছ আৰু আৱৰ্জনামুক্ত কৰি ৰখাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে ৫.৮৭ কোটি টকা ব্যয়ৰে অত্যাধুনিক ৰোড ছুইপিং মেচিন ক্ৰয় কৰিছে। লগতে আৱৰ্জনা সংগ্ৰহৰ বাবে ৬.৬৯ কোটি টকা ব্যয়ৰে ৬০খন ই-বাহন ক্ৰয় কৰিছে। কালি গুৱাহাটীৰ বশিষ্ঠৰ যানশালাৰ কাৰ্যালয়ত মেয়ৰ মৃগেন শৰণীয়াই আনুষ্ঠানিকভাবে পথ পৰিস্কাৰ কৰা মেচিন আৰু ই-বাহন মুকলি কৰে। মেয়ৰ মৃগেন শৰণীয়াই বাহনকেইখন মুকলি কৰি গুৱাহাটী মহানগৰীক পৰিস্কাৰ আৱৰ্জনামুক্ত কৰি ৰখাৰ ক্ষেত্ৰত এই অত্যাধুনিক পথ পৰিস্কাৰ কৰা মেচিনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ ...

June 15, 2024 12:23 PM

views 80

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত জিলা পৰ্যায়ত যোগ দিৱসৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অহা ২১ জুনত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত জিলা পৰ্যায়ত যোগ দিৱসৰ আয়োজন কৰা হৈছে। এই যোগ দিৱসত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশগ্ৰহণ কৰিব। যোগ দিৱসৰ প্ৰস্তুতিক লৈ কালি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত ত্ৰিদিব কোঁৱৰৰ সভাপতিত্বত এখন আলোচনা সভা অনুষ্ঠিত হয়। সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে যোগ দিৱসৰ দিনা জিলা পৰ্যায়ত যোগাসন প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা প্রকাশ কৰে। মুঠ ৪টা শাখাত ক্ৰমে ১০ বছৰ তলৰ, ১০ৰ পৰা ১৮ ...

June 14, 2024 6:54 PM

views 77

মাজুলীৰ কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ২ নম্বৰ কঢ়াল গাঁও আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰঙাচাহী, বৰবাম গাঁৱত সজাগতা কার্যসূচী

প্রধানমন্ত্রী ফচল বীমা যোজনা আঁচনিখনৰ বিষয়ে কৃষক ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি মাজুলীৰ কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত ২ নম্বৰ কঢ়াল গাঁও আৰু জেংৰাই কৃষিচক্ৰৰ অন্তৰ্গত ৰঙাচাহী, বৰবাম গাঁৱত সজাগতা কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচী কেইটাত জিলা কৃষি বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

June 14, 2024 6:29 PM

views 63

সোণাপুৰ টোলগে’টত ৰাজ্যৰ বিশেষ টাস্ক ফ’ৰ্চে এখন বাহনখনৰ পৰা ড্ৰোণকে ধৰি অন্যান্য কিছু অবৈধ সা-সৰঞ্জাম উদ্ধাৰ কৰে

ৰাজ্যৰ বিশেষ টাস্ক ফ'ৰ্চে আজি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ টোলগে'টত এখন বাহন জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি বাহিনীটোৱে অভিযান চলাই বাহনখনৰ পৰা ড্ৰোণকে ধৰি অন্যান্য কিছু অবৈধ সা-সৰঞ্জাম উদ্ধাৰ কৰে। উল্লেখযোগ্য যে মণিপুৰৰ এটা নিষিদ্ধ সংগঠনে অপৰাধমূলক কাম-কাজ সংঘটিত কৰাৰ উদ্দেশ্যে সা-সৰঞ্জাম ক্ৰয় কৰাৰ প্ৰচেষ্টা চলোৱা বুলি আৰক্ষীয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল। গুৱাহাটীৰ ছয়মাইল অঞ্চলত আৰক্ষীয়ে বাহনখন চিহ্নিত কৰি সোণাপুৰ টোলগেট'ত বাহনখন জব্দ কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২৭...

June 14, 2024 6:07 PM

views 60

দেওবাৰে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ‘গুৱাহাটী প্ৰাণ’ শীর্ষক বিশেষ অন্তৰংগ আলাপ অনুষ্ঠান

প্রখ্যাত সমাজকৰ্মী ধীৰেণ বৰুৱাৰ প্ৰথম মৃত্যুবার্ষিকী উপলক্ষে পৰহিলৈ গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দিনৰ ১০ বাজি ২০ মিনিটৰ পৰা গুৱাহাটী প্ৰাণ শীর্ষক বিশেষ অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ধীৰেণ বৰুৱা সাংসদ হেম বৰুৱাৰ অন্যতম সহযোগী আছিল। গুৱাহাটী তেল শোধানাগাৰ, শৰাইঘাট দলং, উত্তৰ-পূব সীমান্ত ৰে'লৰ সদৰ কাৰ্যালয় স্থাপন আদি অসমৰ কেইবাটাও জাতীয় আন্দোলনৰ তেওঁ সক্রিয় অংশগ্ৰহণ কৰিছিল। প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা গুৱাহাটীৰ সমস্যা তথা সমাধানৰ বিষয়ে আগ্রহী ব্যক্তিসকলক guwahatipran...

June 14, 2024 6:05 PM

views 74

খানাপাৰা কৃষি সঞ্চালকালয়ত বহনক্ষম বিকাশৰ বাবে যিকোনো জলবায়ুত বৰ্তি থাকিব পৰা উদ্যান শস্য সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ আলোচনা চক্র

অসম উদ্যান শস্য পালন সমাজে আজি গুৱাহাটীৰ খানাপাৰা কৃষি সঞ্চালকালয়ত বহনক্ষম বিকাশৰ বাবে যিকোনো জলবায়ুত বৰ্তি থাকিব পৰা উদ্যান শস্য সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ এখন আলোচনা চক্র অনুষ্ঠিত হয়। উদ্যান শস্য আৰু খাদ্য সংশাধন সঞ্চালকালয়ৰ উদ্যে্যাগত কৃষি বিজ্ঞান কেন্দ্র তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজিত এই অনুষ্ঠানত জলবায়ু পৰিৱৰ্তন আৰু অসমৰ উদ্যান শস্যত ইয়াৰ প্ৰভাৱ, সমস্যা আৰু প্ৰস্তুতি, উদ্যান শস্যভিত্তিক জৈৱিক তথা প্রাকৃতিক কৃষি উদ্যান শস্যসমূহৰ সুৰক্ষাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা ক...

June 14, 2024 5:01 PM

views 62

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ’ব

অষ্টাদশ লোকসভাৰ প্ৰথম অধিবেশন ২৪ জুনত আৰম্ভ হ'ব আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন ২৬ জুনত অনুষ্ঠিত হ'ব। প্ৰথম অধিবেশনৰ সময়ছোৱাত নৱনিৰ্বাচিত সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব আৰু এই অধিবেশনৰ সময়ছোৱাতে ৰাষ্ট্ৰপতিৰ অভিভাষণক লৈ আলোচনাও অনুষ্ঠিত হ'ব। ৰাজ্যসভাৰ অধিবেশন ২৭ জুনত আৰম্ভ হ'ব। সংসদৰ অধিবেশন ৩ জুলাইত সামৰণি পৰিব৷

June 13, 2024 7:19 PM

views 55

আজি নিশা ৮.৩০ বজাত আকাশবাণী গুৱাহাটীৰ ‘চলন্তিকা’ অনুষ্ঠানত ‘মানসিক স্বাস্থ্যৰ বাবে যোগ” শীর্ষক কথোপকথন

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮.৩০ বজাত ‘চলন্তিকা’ অনুষ্ঠানত ‘মানসিক স্বাস্থ্যৰ বাবে যোগ” শীর্ষক কথোপকথন প্ৰচাৰ কৰিব। অনুষ্ঠানটোত অতিথি হিচাপে যোগ বিশেষজ্ঞ প্ৰণৱ কুমাৰ নাথ উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব ডলী দেৱীয়ে।

June 13, 2024 6:10 PM

views 74

মৰিগাঁও জিলা কাৰাগাৰ পৰিদৰ্শন কৰি কয়দীসকলৰ অৱস্থাৰ বুজ আয়ুক্ত দেৱাশিষ শৰ্মাৰ

মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই আজি জিলা কাৰাগাৰ পৰিদৰ্শন কৰি তাত থকা কয়দীসকলৰ অৱস্থাৰ বুজ লয়। তেওঁ কয়দীসকলৰ পৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰে। তেওঁ বিশেষভাৱে জিলা কাৰাগাৰৰ আন্তঃগাঁথনি কয়দীসকলৰ থকা-খোৱাৰ ব্যৱস্থা শৌচাগাৰ আদি পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে কাৰাগাৰৰ ভিতৰত থকা চিকিৎ‍সালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰো স্বাস্থ্যৰ বুজ লয়।

June 13, 2024 4:29 PM

views 74

জম্মু-কাশ্মীৰৰ কাঠৱা আৰু ৰাছি জিলাত গুলীয়াগুলী আৰু আক্ৰমণৰ ঘটনা

জম্মু-কাশ্মীৰৰ কাঠৱা আৰু ৰাছি জিলাত বিগত ৪ দিনত ৫টা গুলীয়াগুলী আৰু আক্ৰমণৰ ঘটনাত দুটা সন্ত্ৰাসবাদীকে ধৰি এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান আৰু ৯ জন সাধাৰণ লোক নিহত হোৱাৰ লগতে আন ভালেমান লোক আহত হয়। আকাশবাণী জন্মৰ সংবাদদাতাই জনোৱা অনুসৰি ৭ জন নিৰাপত্তাৰক্ষী বিষয়াৰ ভিতৰত ৫ জন সৈনিক, এজন বিশেষ আৰক্ষী বিষয়া, এজন আৰক্ষী আৰু ৪২ জন সাধাৰণ লোক এই আক্ৰমণত আহত হয়। নিৰাপত্তাৰক্ষী বাহিনীৰ কালি দুজন অস্ত্র সম্বলিত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত কাঠৱা জিলাৰ হীৰানগৰত এজন চি আৰ পি এফ বিষয়াও নি...