গুৱাহাটী মহানগৰীক স্বচ্ছ আৰু আৱৰ্জনামুক্ত কৰি ৰখাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে ৫.৮৭ কোটি টকা ব্যয়ৰে অত্যাধুনিক ৰোড ছুইপিং মেচিন ক্ৰয় কৰিছে। লগতে আৱৰ্জনা সংগ্ৰহৰ বাবে ৬.৬৯ কোটি টকা ব্যয়ৰে ৬০খন ই-বাহন ক্ৰয় কৰিছে। কালি গুৱাহাটীৰ বশিষ্ঠৰ যানশালাৰ কাৰ্যালয়ত মেয়ৰ মৃগেন শৰণীয়াই আনুষ্ঠানিকভাবে পথ পৰিস্কাৰ কৰা মেচিন আৰু ই-বাহন মুকলি কৰে। মেয়ৰ মৃগেন শৰণীয়াই বাহনকেইখন মুকলি কৰি গুৱাহাটী মহানগৰীক পৰিস্কাৰ আৱৰ্জনামুক্ত কৰি ৰখাৰ ক্ষেত্ৰত এই অত্যাধুনিক পথ পৰিস্কাৰ কৰা মেচিনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত, বিষয়া-কৰ্মচাৰীসকলৰ লগতে পাৰিষদ সকলো উপস্থিত থাকে।
Assamese | June 15, 2024 12:28 PM | Akashvani Guwahati | Assam | GMC | Guwahati City
গুৱাহাটী পৌৰ নিগমৰ ৫.৮৭ কোটি টকা ব্যয়ৰে অত্যাধুনিক ৰোড ছুইপিং মেচিন ক্ৰয়