আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অহা ২১ জুনত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত জিলা পৰ্যায়ত যোগ দিৱসৰ আয়োজন কৰা হৈছে। এই যোগ দিৱসত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই অংশগ্ৰহণ কৰিব। যোগ দিৱসৰ প্ৰস্তুতিক লৈ কালি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত ত্ৰিদিব কোঁৱৰৰ সভাপতিত্বত এখন আলোচনা সভা অনুষ্ঠিত হয়। সভাত অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে যোগ দিৱসৰ দিনা জিলা পৰ্যায়ত যোগাসন প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা প্রকাশ কৰে। মুঠ ৪টা শাখাত ক্ৰমে ১০ বছৰ তলৰ, ১০ৰ পৰা ১৮ বছৰলৈ, ১৮ৰ পৰা ৩৫ বছৰলৈ আৰু ৩৫ বছৰ ঊৰ্ধৰ প্ৰতিযোগীৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। অংশগ্ৰহণকাৰী অনুষ্ঠানসমূহক সুকলমে যোগ দিৱস পালন কৰিবলৈ অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে সকলোকে আহ্বান জনাইছে।
Assamese | June 15, 2024 12:23 PM | Akashvani Guwahati | International Day of Yoga | PM Yoga | Yoga Assam
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত নেহৰু ষ্টেডিয়ামত জিলা পৰ্যায়ত যোগ দিৱসৰ আয়োজন