September 28, 2024 6:00 PM

views 114

কাইলৈ আকাশবাণীৰ ১১৪ সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত-বিনিময় কৰিব। এয়া হ'ব এই অনুষ্ঠানৰ ১১৪ সংখ্যক খণ্ড তথা প্রধানমন্ত্ৰী মোদীৰ তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত চতুৰ্থটো খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে কাইলৈ দিনৰ ১১ বজাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা...

September 28, 2024 5:57 PM

views 53

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অসমীয়া ভাষাৰ সাধাৰণ ঘোষণা তথা শিশু আৰু মহিলা শাখাৰ লগতে হিন্দী, নেপালী, কাৰ্বি, বড়ো, চাহ জনগোষ্ঠীৰ অনুষ্ঠান আৰু পাশ্চাত্য সংগীত শাখাত অংশকালীন ঘোষক-ঘোষিকাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। ২০ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ স্নাতক ডিগ্ৰীধাৰী প্ৰাৰ্থীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। প্ৰাৰ্থী গুৱাহাটী পৌৰ এলেকাৰ বাসিন্দা হ'ব লাগিব। আগ্রহীসকলে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR GUWAHATI-ৰ পৰা আবেদন প্ৰ-পত্ৰ ডাউনল'ড কৰি অথবা আকাশবাণী গুৱাহাটীৰ সমন্বয় শাখাৰ পৰা আবেদন প...

September 28, 2024 5:56 PM

views 51

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতাৰ বাবে আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা ৩০ ছেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্রসহ The Head of Office, Akashvani, Guwahati, Chandmari, Guwahati-781003 এই ঠিকনালৈ আবেদ...

September 23, 2024 12:29 PM

views 53

খানাপাৰাত ৫ দিনীয়াকৈ আৱাসিক ফেকাল্টি উন্নয়ন কাৰ্যসূচীৰ আয়োজন

পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি গুৱাহাটীৰ খানাপাৰাত ৫ দিনীয়াকৈ আৱাসিক ফেকাল্টি উন্নয়ন কাৰ্যসূচীৰ আয়োজন কৰিছে। পঞ্চায়তীৰাজ আৰু মীন, পশুপালন আদি বিভাগৰ ৰাজ্যমন্ত্ৰী প্ৰফেচাৰ এছ পি সিং বাঘেলে এই অনুষ্ঠান উদ্বোধন কৰিব।

September 14, 2024 3:20 PM

views 49

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা ব্যয় কৰা হ’ব

গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানা উন্নয়নৰ বাবে ৩৬২ কোটি টকা ব্যয় কৰা হ'ব। এই ধনৰাশি চিৰিয়াখানা কৰ্তৃপক্ষই দুটা কিষ্টিত লাভ কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেট বৈঠকে এই বিষয়ত অনুমোদন জনায়। কেবিনেটে লগতে গুৱাহাটী মহানগৰৰ ডাউন-টাউনৰ উৰণ সেতুৰ বাবে ১১১কোটি টকাৰ অনুমোদন দিছে। সিদ্ধান্ত অনুসৰি কোকৰাঝাৰত ১০৭ কোটি টকা ব্যয়ৰে ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব। ৰাজ্যচৰকাৰে ১৯ ছেপ্তেম্বৰৰ পৰা দুখন আঁচনি আৰম্ভ কৰিব। ইয়াৰে প্ৰথমখনৰ জৰিয়তে ১২ লাখ ৬০ হাজাৰ লোকক অৰুণোদয় আঁচনিত ...

September 14, 2024 11:15 AM

views 70

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগত অংশকালীন সংবাদদাতা পদৰ বাবে ভিন্ন জিলাৰ পৰা আবেদন বিচৰা হৈছে

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্রসহ The Head of Office, Akashvani, Guwahati, Chandmari, Guwahati - 781003 এই ঠিকনালৈ ...

September 14, 2024 11:11 AM

views 92

আজি নিশা ৮.২ বজাত আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপ প্ৰৱন্ধক বৈশালী তালুকদাৰ আৰু সহকাৰী প্ৰৱন্ধক বিনয় নাথ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১- ২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি কথা পাতিব পাৰিব।

September 13, 2024 6:36 PM

views 62

দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বাংৰীচৰত ৪৪ লাখ টকা ব্যয় সাপেক্ষ জি প্লাচ ওৱান উপ স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ

দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বাংৰীচৰত আজি ৪৪ লাখ টকা ব্যয় সাপেক্ষ এটা জি প্লাচ ওৱান উপ স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। মানকাচৰৰ বিধায়ক আমিনুল ইছলামে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মিনহাস চৌধুৰীৰ উপস্থিতিত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে। অহা ছমাহৰ ভিতৰত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে সংশ্লিষ্ট পক্ষক নির্দেশ দিছে। ৰাজ্য চৰকাৰে প্ৰতিখন জিলাৰ বিশেষকৈ গাওঁ অঞ্চলত স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন অনাৰ উদ্দেশ্যে গ্ৰহণ কৰা জি প্লাছ ওৱান উপস্বাস্থ্য ক...

September 13, 2024 6:34 PM

views 55

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ অংশকালীন সংবাদদাতাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অংশকালীন সংবাদদাতা হিচাপে বজালী, বিশ্বনাথ, ডিব্ৰুগড়, হোজাই, কামৰূপ, পশ্চিম কাৰ্বি আংলং, ধেমাজি আৰু কাছাৰ জিলাৰ বাবে আগ্রহী প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে। আগ্রহী প্রার্থীসকলে আকাশবাণীৰ ৱেৱছাইট www.newsonair.gov.in ত লগ ইন কৰি সবিশেষ তথ্য লাভ কৰাৰ লগতে আবেদন পত্র ডাউনলোড কৰিব পাৰিব। প্ৰাৰ্থীসকলে নিজ হাতে নাইবা ডাকযোগে অহা ৩০ চেপ্তেম্বৰৰ ভিতৰত প্ৰয়োজনীয় নথিপত্রসহ The Head of Office, Akashvani, Guwahati, Chandmari, Guwahati - 781003 এই ঠিকনালৈ আবেদন পত্র...

September 7, 2024 9:16 PM

views 86

পেৰালিম্পিকত শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ নাগালেণ্ড চৰকাৰৰ ১.৫ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা

নাগালেণ্ড চৰকাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ এফ ফিফটি ছেভেন শিতানৰ শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ ডেৰ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই সামাজিক মাধ্যম এক্সযোগে কৈছে যে, হোকাটো হোটোজে চেমাই পেৰিছ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো ৰাজ্যৰ বাবে গৌৰৱৰ বিষয়। ৰাজ্য চৰকাৰে অৰ্জুন বঁটাৰ বাবে খেলুৱৈগৰাকীৰ নাম মনোনীত কৰিব বুলি তেওঁ প্ৰকাশ কৰে।