September 6, 2024 9:11 PM

views 66

যোৰহাটত কাইলৈৰ পৰা ল’ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ল'ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ভিন ভিন ৰাজ্যৰ পৰা কেইবাটাও দল আহি উপস্থিত হৈছে। যোৰহাট ক্রীড়া সন্থাই সকলো দলকে আদৰণি জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ প্ৰতিযোগিতাখন উদ্বোধন কৰিব।

September 6, 2024 8:30 PM

views 59

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ফোন ইন দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত ফোন ইন দৃষ্টিপাত অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলত ৰেলৱেৰ আধুনিকীকৰণ সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি শ্ৰী শৰ্মাৰ সৈতে কথা পাতিব পাৰিব।

September 6, 2024 8:24 PM

views 92

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ

উত্তৰ পূৰ্বাঞ্চলত মহাকাশ প্রযুক্তিৰ শিক্ষা, দক্ষতা বিকাশ, গৱেষণা আৰু উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটী আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ হৈ সঞ্চালক প্ৰফেচাৰ দেবেন্দ্ৰ জালিহাল আৰু এয়াৰ বাছ ইণ্ডিয়া প্রাইভেট লিমিটেডৰ হৈ উপাধ্যক্ষ সূৰয চেত্ৰীয়ে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিয়ে অসমত উদ্ভাৱন, উৎকৰ্ষ সাধন আৰু মহাকাশ প্রযু...

September 5, 2024 9:05 PM

views 79

জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি

অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সহযোগত ভাৰতীয় উদ্যমিতা প্রতিষ্ঠানে জালুকবাৰীৰ মহিলা আৰু শিশু ৰাজ্যিক গৃহত পোছাকৰ ওপৰত অনুষ্ঠিত কৰা বিশেষ দক্ষতা কাৰ্যসূচীৰ আজি সামৰণি পৰে। এই উপলক্ষে শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ ড০ শ্যামল প্ৰসাদ শ‍ইকীয়াৰ সভাপতিত্বত আয়োজিত সভাত পোছাকৰ ওপৰত দক্ষতা বিকাশ কার্যসূচী সফলতাৰে সম্পূৰ্ণ কৰাসকলক প্ৰমাণ-পত্ৰ বিতৰণ কৰা হয়। কাৰ্যসূচীত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ সঞ্চালক ড০ ললিত শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে আয়োগে ভাৰতীয় উদ্যমিতা প্ৰ...

September 5, 2024 6:10 PM

views 70

অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অসম মন্ত্রীসভাই ৰাজ্যখনৰ ভূমি, থলুৱা জনগোষ্ঠীসমূহৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ বাবে অসম চুক্তিৰ ছয় নম্বৰ দফা কাৰ্যকৰী কৰা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীৰ ৮০ শতাংশ ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি বিপ্লৱ শৰ্মা আয়োগে আগবঢ়োৱা ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শ অহা বছৰৰ ১৫ এপ্ৰিলৰ ভিতৰত ৰূপায়ণ কৰা হ'ব। ইফালে, কেবিনেটৰ আন এটা সিদ্ধান্ত অনুসৰি কৰ্তব্যৰত অৱস্থাত মৃত্যু অথবা সম্পূৰ্ণৰূপে বিকলাংগ হোৱা ৰা...

September 3, 2024 7:30 PM

views 55

চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত ৪ জন যুৱকক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত আজি মহানগৰ আৰক্ষীয়ে ৪ জন যুৱকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা যুৱককেইজন উজান বজাৰৰ বাবু দাস, দিছপুৰ ছুপাৰ মাৰ্কেটৰ অনভেশ চন্দ্ৰা, ভেটাপাৰাৰ চিন্ময় চক্ৰৱৰ্তী আৰু অবিনাশ মাহতু বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে অভিযুক্তকেইজনৰ হাতীগাঁৱত থকা এটা ফ্লেটত অভিযান চলাই ৪৪ খন চেকবুক, ১২ খন পাছবুক, ৪৯ খন ডেবিট কার্ড, সংযুক্ত আৰৱ গণৰাজ্য আৰু থাইলেণ্ডৰ বিদেশী মুদ্রা, ১৭ খন চিম কাৰ্ডকে ধৰি বহু সা-সামগ্ৰী জব্দ কৰিছে। এই সন্দৰ্ভত আজি আয়োজিত এখন সংবাদমেলত মহানগৰ আৰক্ষী আয়ুক...

September 3, 2024 7:19 PM

views 62

আৰোহণ আঁচনিৰ অধীনত বৰপেটা শিক্ষা চক্ৰৰ ২৬২ গৰাকী ছাত্রী-ছাত্ৰীক শিক্ষামূলক ভ্ৰমণৰ অংশ হিচাপে গুৱাহাটী ভ্ৰমণ

ৰাজ্য চৰকাৰৰ আৰোহণ আঁচনিৰ অধীনত বৰপেটা শিক্ষা চক্ৰৰ ২৬২ গৰাকী ছাত্রী-ছাত্ৰীক শিক্ষামূলক ভ্ৰমণৰ অংশ হিচাপে আজি গুৱাহাটী ভ্ৰমণ কৰোৱা হয়। এই ভ্ৰমণৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক আই আই টি গুৱাহাটী, এইমছ, ৰাজ্যিক সংগ্ৰহালয়, বায়'টেক পার্ক, প্লেনেটেৰিয়াম, চিৰিয়াখানা, আর্মী ষ্টেচন, কলাক্ষেত্র, আঞ্চলিক বিজ্ঞান কেন্দ্ৰকে ধৰি শৈক্ষিক আৰু সাংস্কৃতিক তাৎপর্যপূর্ণ স্থানসমূহ পৰিদৰ্শন কৰোৱা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে বৰপেটাৰ সহকাৰী আয়ুক্তসহ সমগ্ৰ শিক্ষাৰ ডি পি অ', ১৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু চিকিৎসক, ন...

September 3, 2024 5:42 PM

views 67

স্নেহ স্পৰ্শ আঁচনিৰ অধীনত বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শিশুৰ হৃদযন্ত্ৰ আৰু ৰাজহাড়ৰ ৰোগ চিনাক্তকৰণ শিবিৰ

ৰাজ্য চৰকাৰৰ স্নেহ স্পৰ্শ আঁচনিৰ অধীনত আজি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শিশুৰ হৃদযন্ত্ৰ আৰু ৰাজহাড়ৰ ৰোগ চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত হয়। বৰপেটা, বজালী আৰু বঙাইগাঁৱত অনুষ্ঠিত কৰা এই শিবিৰত উপস্থিত থকা বিশেষজ্ঞ চিকিৎসক সকলে জিলা তিনিখনৰ দুই শতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা কৰে। এই সন্দৰ্ভত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখনৰ অধ্যক্ষ ডা০ ৰমেন তালুকদাৰে জনাই যে স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰোগ ধৰা পৰা শিশুসকলৰ অসুস্থতাৰ দিশবোৰ পৰ্যালোচনা কৰি তেওঁলোকৰ মাজৰ পৰা জটিল ৰোগীসকল...

August 31, 2024 8:02 PM

views 85

অসম বিধানসভাৰ এইবাৰৰ শৰৎকালীন অধিবেশন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে

♦ অসম বিধানসভাৰ এইবাৰৰ শৰৎকালীন অধিবেশন কেইবাটাও দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে, এইবাৰৰ অধিবেশনত গৃহীত বিধেয়কসমূহ ৰাজ্যবাসীৰ কল্যাণৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। এইবাৰৰ অধিবেশনত গৃহীত প্ৰতিখন বিধেয়কৰ সুকীয়া মৰ্যাদা থকাৰ লগতে ৰাজ্যবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই বিধেয়কসমূহ উত্থাপন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। বিশেষকৈ মহিলা সৱলীকৰণ, থলুৱা কৃষ্টি, সংস্কৃতিৰ সুৰক্ষা আৰু আদিবাসী জনসাধাৰণৰ কল্যাণৰ দিশত এই বিধেয়ক...

August 31, 2024 6:25 PM

views 67

গোলাঘাটত দুর্যোগ প্রশমন বিভাগৰ অন্তৰ্গত এটা জিলা জৰুৰীকালীন সেৱাকেন্দ্ৰ মুকলি

গোলাঘাট জিলাত দুর্যোগ প্রশমন বিভাগৰ অন্তৰ্গত এটা জিলা জৰুৰীকালীন সেৱাকেন্দ্ৰ মুকলি কৰা হয়। গোলাঘাটৰ জিলা আয়ুক্ত ডা০ পি উদয় প্রবীণে কেন্দ্ৰটো মুকলি কৰে। অনাগত দিনত জিলাখনত দুর্যোগ প্রশমন, ক্ষীপ্র যোগাযোগ তথা তাৎক্ষণিক সঁহাৰিৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা অসম ৰাজ্যিক দুৰ্যোগ প্রশমন কৰ্তৃপক্ষৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ক তথা উপ-সচিব অলকানন্দ মেধিয়ে এই জৰুৰীকালীন সেৱা কেন্দ্ৰই দুৰ্যোগৰ সময়ত জিলাবাসীক সেৱা...