গোলাঘাট জিলাত দুর্যোগ প্রশমন বিভাগৰ অন্তৰ্গত এটা জিলা জৰুৰীকালীন সেৱাকেন্দ্ৰ মুকলি কৰা হয়। গোলাঘাটৰ জিলা আয়ুক্ত ডা০ পি উদয় প্রবীণে কেন্দ্ৰটো মুকলি কৰে। অনাগত দিনত জিলাখনত দুর্যোগ প্রশমন, ক্ষীপ্র যোগাযোগ তথা তাৎক্ষণিক সঁহাৰিৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা অসম ৰাজ্যিক দুৰ্যোগ প্রশমন কৰ্তৃপক্ষৰ ৰাজ্যিক প্ৰকল্প সমন্বয়ক তথা উপ-সচিব অলকানন্দ মেধিয়ে এই জৰুৰীকালীন সেৱা কেন্দ্ৰই দুৰ্যোগৰ সময়ত জিলাবাসীক সেৱা আগবঢ়াব বুলি উল্লেখ কৰে।
Assamese | August 31, 2024 6:25 PM | Akashvani Guwahati | Assam | Golaghat
গোলাঘাটত দুর্যোগ প্রশমন বিভাগৰ অন্তৰ্গত এটা জিলা জৰুৰীকালীন সেৱাকেন্দ্ৰ মুকলি