August 31, 2024 6:24 PM

views 49

গোৱালপাৰাৰ বালিজানা শিক্ষাখণ্ডত খণ্ড সমল কেন্দ্রৰ উদ্বোধন

গোৱালপাৰা জিলাৰ বালিজানা শিক্ষাখণ্ডত খণ্ড সমল কেন্দ্র এটা আজি উদ্বোধন কৰা হয়। চেণ্টাৰ ফৰ মাইক্ৰ'ফাইনেন্স এণ্ড লাইভলিহুডৰ সহযোগত আৰু টাটা ট্ৰাষ্টৰ সহযোগত নিৰ্মাণ কৰা এই কেন্দ্ৰটো আতি জিলাখনৰ অতিৰিক্ত আয়ুক্ত অৰুণ কুমাৰ ব্ৰহ্মই উদ্বোধন কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত জিলা প্রাথমিক শিক্ষা বিষয়া, জিলা প্ৰকল্প বিষয়াৰ লগতে বিভিন্ন খণ্ডৰ সমল ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয়।

August 31, 2024 6:10 PM

views 55

গুৱাহাটীক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মেয়ৰ মৃগেন শৰণীয়াৰ ৫ খন বাহনৰ শুভাৰম্ভ

গুৱাহাটী পৌৰ নিগমে মহানগৰীখনক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে আজি মেয়ৰ মৃগেন শৰণীয়াই ৫ খন বাহনৰ শুভাৰম্ভ কৰে। গুৱাহাটী পৌৰ নিগমে প্ৰদূষণমুক্ত ভাৰত অভিযানৰ অধীনত পূর্বে ৩ খন পানী ছটিওৱা বাহন ক্ৰয় কৰিছিল। এই বাহনকেইখনে চহৰৰ বিভিন্ন পথত ধূলি নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰিব। ইয়াৰ উপৰিও গুৱাহাটী পৌৰ নিগমৰ ছাফাই কৰ্মচাৰীৰ দৈনন্দিন যাতায়াতৰ সুবিধাৰ বাবে দুখন বাছ ক্ৰয় কৰিছে। ইপিনে মেয়ৰ শৰণীয়াই আজি মহানগৰীৰ ৪৩ নম্বৰ ৱাৰ্ডৰ দক্ষিণ বৰসজাই মৈদাম দুর্গা মন্দিৰ ন্যাসৰ প্ৰস্তাৱিত ...

August 21, 2024 12:31 PM

views 67

কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত যোৱা জুনত ১৯ লাখ ২৯ হাজাৰ নতুন সদস্য অন্তৰ্ভুক্ত

● কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাত যোৱা জুনত ১৯ লাখ ২৯ হাজাৰ নতুন সদস্য অন্তৰ্ভুক্ত হৈছে। সেই অনুসৰি যোৱা বছৰৰ এই একেই সময়ছোৱাৰ তুলনাত সদস্যৰ সংখ্যা ৭.৮৬ শতাংশ বৃদ্ধি পাইছে। শ্ৰম আৰু নিয়োগ মন্ত্রালয়ে কৈছে যে কর্মসংস্থাপনৰ সুযোগ বৃদ্ধিকে ধৰি বিভিন্ন কাৰণত সংস্থাটোত অন্তৰ্ভুক্ত সদস্যৰ সংখ্যা বৃদ্ধি পাইছে।

August 21, 2024 12:11 PM

views 59

আজিৰে পৰা ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত ২৯ আগষ্টলৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ

■ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত আজিৰে পৰা ২৯ আগষ্টলৈ এম বি বি এছ পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। ৰাজ্যৰ চিকিৎসা সেৱা সঞ্চালকে কালি এই কথা ঘোষণা কৰে। অহা ৫ ছেপ্তেম্বৰত মহাবিদ্যালয়সমূহত নামভৰ্তি অনুষ্ঠিত হ'ব। ইপিনে, চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে এইবাৰ ৫ শতাংশ আসন সংৰক্ষণ কৰা হৈছে। সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৰাজহুৱা খণ্ডৰ মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা শিক্ষাৰ্থীয়ে এই বিশেষ সুবিধা লাভ কৰিব। অসমৰ বাবে থকা মুঠ আসনৰ পৰা এই ৫ শতাংশ আসন সংৰক্ষণ কৰা হ'ব ।

August 21, 2024 12:08 PM

views 112

অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

■ অসম বিধানসভাৰ ৫টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কালি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ছিদলী, ছামগুৰি, বঙাইগাঁও, বিহালী আৰু ধলাই সমষ্টিৰ বাবে ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। প্রকাশিত তালিকা অনুসৰি ২০ আগষ্টলৈ ছিদলী সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা হৈছে ২ লাখ ১৬ হাজাৰ ৯৯০ গৰাকী। ইয়াৰে পুৰুষ ভোটদাতা এক লাখ ৭ হাজাৰ ৯৯৭ গৰাকী। আনহাতে মহিলা ভোটদাতাৰ সংখ্যা এক লাখ ৮৯ হাজাৰ ৮৯ গৰাকী। সমষ্টিটোত ৪ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। ভোটাৰ তালিকা অনুসৰি সমষ্টিটোত মুঠ ভোটকেন্দ্র ২৭৩টা। আনহাতে ছামগুৰি সমষ্ট...

August 21, 2024 11:55 AM

views 68

অসমৰ ৰাজ্যসভাৰ ২ খন আসনৰ বাবে ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসক প্রার্থিত্ব বিজেপিৰ

■ অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু প্ৰাক্তন বিধায়ক মিছন ৰঞ্জন দাসক বিজেপিয়ে প্রার্থিত্ব প্ৰদান কৰিছে। আজি ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন। এইপর্যন্ত বিৰোধী দলে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা নাই। উল্লেখযোগ্য যে কালি এই সন্দৰ্ভত আলোচনাৰ বাবে নতুন দিল্লীত কেন্দ্ৰীয় নেতৃত্বৰ সৈতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত প্রকা...

August 19, 2024 9:19 PM

views 70

কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ যোৰহাট জিলাৰ কৃষি বিভাগে যাৱতীয় কাৰ্যসূচী গ্ৰহণ

কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ ৰোধ কৰিবলৈ যোৰহাট জিলাৰ কৃষি বিভাগে যাৱতীয় কাৰ্যসূচী গ্ৰহণ কৰিছে। শেহতীয়াকৈ কৃষি বিভাগৰ বিষয়াসকলে জিলাখনৰ টীয়ক, চেলেংহাট, নকছাৰী আৰু চিপাহীখোলাৰ ক্ষতিগ্রস্থ কৃষিভূমিসমূহ পৰিদৰ্শন কৰে৷ জিলাখনৰ কৃষি উন্নয়ন বিষয়াৰ তত্বাৱধানত কৃষকৰ মাজত কীটনাশক ঔষধ বিতৰণ কৰাৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰা হৈছে৷ ইয়াৰ লগতে সজাগতা সভাসমূহত কৃষি বিষয়াসকলে কৃষকসকলক সংহত কীট নিয়ন্ত্রণ পদ্ধতিসমূহৰ বিষয়ে অৱগত কৰিছে। কৃষি বিভাগৰ বিষয়া- কৰ্মচাৰীৰ এটা দলে খেতি অনিষ্ট হোৱা এলেকাত উপস্থিত হৈ ...

August 19, 2024 8:16 PM

views 76

গুৱাহাটীৰ এটা শ্বপিং ম’লত আকস্মিকভাৱে স্বত্বাধিকাৰীয়ে গ্রাহকসকলক কাৰিকৰী কাৰণত বাহিৰলৈ যাবলৈ দিয়া নিৰ্দেশক লৈ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি

গুৱাহাটীৰ এটা ব্যক্তিগত শ্বপিং ম’লত আজি বিয়লিৰ ভাগত আকস্মিকভাৱে মলটোৰ স্বত্বাধিকাৰীয়ে গ্রাহকসকলক কাৰিকৰী কাৰণত বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়াক লৈ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্নিফাৰ ডগৰ সহায়ত অনুসন্ধান আৰম্ভ কৰে যদিও এই বিষয়ে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই। ইপিনে, এই ঘটনাৰ ফলত অঞ্চলটোত জনসাধাৰণে ভিৰ কৰাৰ বাবে তীব্র যান-জঁটৰ সৃষ্টি হয়।

August 19, 2024 8:06 PM

views 64

মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নেডাৰলেণ্ডৰ প্ৰতিষ্ঠানক নলা-নৰ্দমাৰ কামৰ দায়িত্ব অর্পণ

ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নেডাৰলেণ্ডৰ এটা প্ৰতিষ্ঠানক নলা-নৰ্দমাৰ কামৰ দায়িত্ব অর্পণ কৰিছে বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই প্ৰকাশ কৰে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এই সন্দৰ্ভত যোৱামাহত নিবিদা প্ৰকাশ কৰা বুলিও তেওঁ উল্লেখ কৰে। শীঘ্ৰেই বিদেশী প্রতিষ্ঠানটোৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত আজি আদালতত এখন শপতনামাও দাখিল কৰে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যা আৰু অবৈধ পাহাৰ খননৰ বিৰুদ্ধে এ...

August 13, 2024 1:19 PM

views 81

নেচনেল ইন্‌ষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কে উচ্চ শিক্ষানুষ্ঠানৰ পাৰদৰ্শিতাৰ ভিত্তিত আই আই টি গুৱাহাটীৰ সামগ্ৰিক শাখাত নৱম স্থান লাভ

■ কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ অধীনস্থ নেচনেল ইন্‌ষ্টিটিউচনেল ৰেংকিং ফ্ৰেমৱৰ্কে উচ্চ শিক্ষানুষ্ঠানৰ পাৰদৰ্শিতাৰ ভিত্তিত প্ৰকাশ কৰা তালিকাত অসমৰ শিক্ষানুষ্ঠানসমূহে আশানুৰূপ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। এইক্ষেত্ৰত আই আই টি গুৱাহাটীয়ে সামগ্ৰিক শাখাত নৱম স্থান আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে ৫৭ সংখ্যক স্থান লাভ কৰিছে। বিশ্ববিদ্যালয়খনে বিগত বৰ্ষৰ ৮৮ সংখ্যক স্থানৰ পৰা ৫৭ সংখ্যক স্থানলৈ উন্নীত হোৱাৰ লগতে ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শাখাত ত্ৰয়োদশ স্থান দখল কৰিবলৈ সমৰ্থ হৈছে। ইপিনে, ডিব্ৰুগড় বিশ্ববিদ্যাল...