গুৱাহাটীৰ এটা ব্যক্তিগত শ্বপিং ম’লত আজি বিয়লিৰ ভাগত আকস্মিকভাৱে মলটোৰ স্বত্বাধিকাৰীয়ে গ্রাহকসকলক কাৰিকৰী কাৰণত বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়াক লৈ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্নিফাৰ ডগৰ সহায়ত অনুসন্ধান আৰম্ভ কৰে যদিও এই বিষয়ে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই। ইপিনে, এই ঘটনাৰ ফলত অঞ্চলটোত জনসাধাৰণে ভিৰ কৰাৰ বাবে তীব্র যান-জঁটৰ সৃষ্টি হয়।
Assamese | August 19, 2024 8:16 PM | Akashvani Guwahati | Guwahati News
গুৱাহাটীৰ এটা শ্বপিং ম’লত আকস্মিকভাৱে স্বত্বাধিকাৰীয়ে গ্রাহকসকলক কাৰিকৰী কাৰণত বাহিৰলৈ যাবলৈ দিয়া নিৰ্দেশক লৈ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি