গুৱাহাটী পৌৰ নিগমে মহানগৰীখনক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে আজি মেয়ৰ মৃগেন শৰণীয়াই ৫ খন বাহনৰ শুভাৰম্ভ কৰে। গুৱাহাটী পৌৰ নিগমে প্ৰদূষণমুক্ত ভাৰত অভিযানৰ অধীনত পূর্বে ৩ খন পানী ছটিওৱা বাহন ক্ৰয় কৰিছিল। এই বাহনকেইখনে চহৰৰ বিভিন্ন পথত ধূলি নিয়ন্ত্ৰণ কৰিবলৈ সহায় কৰিব। ইয়াৰ উপৰিও গুৱাহাটী পৌৰ নিগমৰ ছাফাই কৰ্মচাৰীৰ দৈনন্দিন যাতায়াতৰ সুবিধাৰ বাবে দুখন বাছ ক্ৰয় কৰিছে। ইপিনে মেয়ৰ শৰণীয়াই আজি মহানগৰীৰ ৪৩ নম্বৰ ৱাৰ্ডৰ দক্ষিণ বৰসজাই মৈদাম দুর্গা মন্দিৰ ন্যাসৰ প্ৰস্তাৱিত প্ৰেক্ষাগৃহ আৰু যাত্ৰী নিবাসৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে।
Assamese | August 31, 2024 6:10 PM | Akashvani Guwahati | Akashvani News | Guwahati
গুৱাহাটীক প্ৰদূষণমুক্ত কৰি ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে মেয়ৰ মৃগেন শৰণীয়াৰ ৫ খন বাহনৰ শুভাৰম্ভ