October 26, 2024 6:55 PM

views 67

গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটী ২০২৪ বৰ্ষৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা

গোলাঘাট জিলাৰ গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটী ২০২৪ বৰ্ষৰ বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰা হৈছে। অহা ২৫ নৱেম্বৰত এমেচাৰ থিয়েটাৰ ছ'চাইটীৰ প্ৰতিষ্ঠা দিৱসত এই বঁটাসমূহ প্ৰদান কৰা হ'ব।

October 26, 2024 6:38 PM

views 40

মৈৰাবাৰী ৰাষ্ট্রভাষা হিন্দী বিদ্যালয়ত বিশেষভাৱে সক্ষম লোকসকলক সহায়ক উপকৰণ বিতৰণ

ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে আজি মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত মৈৰাবাৰী ৰাষ্ট্রভাষা হিন্দী বিদ্যালয়ত বিশেষভাৱে সক্ষম লোকসকলক সহায়ক উপকৰণ বিতৰণ কৰে। এই কাৰ্যসূচীৰ অধীনত ১৬১ জন বিশেষভাৱে সক্ষম লোকক আনুষ্ঠানিকভাৱে বিভিন্ন সামগ্রী বিতৰণ কৰা হয়। ভাৰতীয় কৃত্ৰিম অংগ নিৰ্মাণ নিগমৰ জৰিয়তে লাভ কৰা হুইল চেয়াৰ, মটৰাইজ চাইকেল, হিয়াৰিং এইড আৰু শিশু সামগ্ৰী বিতৰণ কৰা হয়৷

October 16, 2024 8:09 PM

views 44

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদন আহ্বান

আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা মুকলি কৰা হৈছে। অসমীয়া আধুনীক গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, বৰগীত ভজন, গজল, খেয়াল, ৰবীন্দ্ৰ সংগীত, বাদ্যসংগীত আৰু লোক বাদ্য সংগীত শিতানৰ একক শাখাত আৰু দলীয় শাখাত জিকিৰ-জাৰী, বিহুগীত, টোকাৰী গীত, দিহানামত ইচ্ছুক প্রার্থীয়ে আবেদন কৰিব পাৰিব। উল্লেখযোগ্য যে দলীয় শাখাত বাদ্য শিল্পীসহ ৫ ৰ পৰা ৮ জন সদস্যহে থাকিব পাৰিব তথা দলৰ সদস্যসকলৰ ফটো সংলগ্ন কৰি সকলোৰে নাম উল্লেখ কৰিব লাগিব ৷ আবেদনকাৰীয়ে আবেদন প্ৰ-পত...

October 14, 2024 6:26 PM

views 76

নিশা ৯.৩০ বজাত গ্রাহক অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব নিধি খাড়েৰ সৈতে আকাশবাণীৰ ‘পাব্লিক স্পীক’ অনুষ্ঠান

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত গ্রাহক অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব নিধি খাড়েৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীক বিষয়টো সন্দৰ্ভত প্রশ্ন সুধিব পাৰিব। তেওঁলোকে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গ'ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠ...

October 5, 2024 9:54 AM

views 76

৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ

চলিত বৰ্ষৰ ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ অনুষ্ঠিত হ'ব। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়, পৃথিৱী বিজ্ঞান মন্ত্ৰ্যালয় আৰু বিজ্ঞান ভাৰতীৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই বিজ্ঞান মহোৎসৱৰ উদ্দেশ্য হৈছে – বৈজ্ঞানিক ধাৰণাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা, সাফল্যক স্বীকৃতি দিয়া আৰু ভাৰতীয় জনসাধাৰণৰ মাজত বৈজ্ঞানিক সজাগতা বৃদ্ধি কৰা। কালি অনুষ্ঠিত এখন সংবাদমেলত কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে কয় যে বিজ্ঞান মহোৎসৱত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ আলোচ...

October 4, 2024 11:10 AM

views 67

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত নতুন হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়াৰ বাবে তিনিচুকীয়া জিলা প্ৰশাসনৰ তৎপৰতা

■ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ২০১৩ৰ অধীনত নতুন হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে তিনিচুকীয়া জিলা প্রশাসন তৎপৰ হৈ পৰিছে। এই ক্ষেত্ৰত যিসকল পৰিয়ালৰ বছৰি আয় ৪ লাখতকৈ কম আৰু কোনো চৰকাৰী ঠিকাভিত্তিক বা নিয়মীয়া চাকৰিয়াল নহয় অথবা পঞ্চায়ত আৰু পৌৰসভাৰ সদস্য নহয় তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে যাৱতীয় নথিসহ আবেদন কৰিব পাৰিব। কোনো উপযুক্ত লোক যাতে ইয়াৰ পৰা বঞ্চিত নহয় সেইটো নিশ্চিত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে ইতিমধ্যে বিভাগীয় বিষয়াসকলক নির্দেশ দিছে।

October 4, 2024 11:01 AM

views 83

৯ অক্টোবৰত পবিতৰা অভয়াৰণ্য মুকলি কৰা হ’ব

■ মৰিগাঁও জিলাৰ পবিতৰা অভয়াৰণ্যত অহা ৯ অক্টোবৰত ২০২৪ আৰু ২০২৫ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ'ব। বন বিভাগৰ সূত্ৰ অনুসৰি যোৱা বৰ্ষত পবিতৰা অভয়াৰণ্যত দেশী-বিদেশী পৰ্যটকৰ পৰা অভয়াৰণ্য কর্তৃপক্ষই প্রায় ৮০ লাখ টকা ৰাজহ সংগ্ৰহ কৰিছিল। এই বৰ্ষত বন বিভাগে আৰু অধিক পৰ্যটক সমাগম হোৱাৰ লগতে অধিক ৰাজহ সংগ্ৰহ হ'ব বুলিও আশা ব্যক্ত কৰিছে।

October 2, 2024 3:57 PM

views 77

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰত ছাফাই মিত্ৰ সুৰক্ষা শিবিৰ আয়োজন কৰা হয়। যোৰাবাটৰ আৰ্হি হাস্পাতালৰ জ্যেষ্ঠ চিকিৎসক ডা০ নয়নমণি ৰাভাৰ লগতে বহুকেইজন চিকিৎসাকর্মীৰ উপস্থিতিত এই শিবিৰত বিনামূলীয়াকৈ ছাফাই কৰ্মীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালকপ্রধান আশিস ভাটনাগৰে এই স্বাস্থ্য শিবিৰ উদ্বোধন কৰে।

September 28, 2024 7:50 PM

views 49

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত স্বচ্ছতা হি সেৱা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত স্বচ্ছতা হি সেৱা সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যিক পঞ্চায়তি ৰাজ আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ যুটীয়া সঞ্চালক সুৰজিৎ‍ বৰগোঁহাই আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ ভাস্কৰ ঠাকুৰীয়া সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটিৰ আঁত ধৰি মানস প্রতীম শৰ্মাই।

September 28, 2024 6:23 PM

views 71

কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ অংশগ্ৰহণ

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত শ্ৰী ৰিজিজুৱে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে জাপানৰ সৈতে আন্তঃসম্পৰ্ক ত্বৰান্বিত কৰিবলৈ সমৰ্থ হৈছে। এই আন্তঃসম্পর্কত শিক্ষা এটা মূল চালিকা শক্তি বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শিক্ষা, বাণিজ্য আৰু সাংস্কৃতিক ক্ষেত্ৰত এই মিত্ৰতাই সৰ্বসাধাৰণৰ জীৱনো স্পৰ্শ কৰা বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে উত্তৰ-পূব ভাৰতৰ শিক্ষাৰ্থীসকলে দুয়...