ৰাজ্য চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে আজি মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত মৈৰাবাৰী ৰাষ্ট্রভাষা হিন্দী বিদ্যালয়ত বিশেষভাৱে সক্ষম লোকসকলক সহায়ক উপকৰণ বিতৰণ কৰে। এই কাৰ্যসূচীৰ অধীনত ১৬১ জন বিশেষভাৱে সক্ষম লোকক আনুষ্ঠানিকভাৱে বিভিন্ন সামগ্রী বিতৰণ কৰা হয়। ভাৰতীয় কৃত্ৰিম অংগ নিৰ্মাণ নিগমৰ জৰিয়তে লাভ কৰা হুইল চেয়াৰ, মটৰাইজ চাইকেল, হিয়াৰিং এইড আৰু শিশু সামগ্ৰী বিতৰণ কৰা হয়৷
Assamese | October 26, 2024 6:38 PM | Akashvani Guwahati | Moirabari
মৈৰাবাৰী ৰাষ্ট্রভাষা হিন্দী বিদ্যালয়ত বিশেষভাৱে সক্ষম লোকসকলক সহায়ক উপকৰণ বিতৰণ