চলিত বৰ্ষৰ ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ অনুষ্ঠিত হ’ব। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়, পৃথিৱী বিজ্ঞান মন্ত্ৰ্যালয় আৰু বিজ্ঞান ভাৰতীৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই বিজ্ঞান মহোৎসৱৰ উদ্দেশ্য হৈছে – বৈজ্ঞানিক ধাৰণাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা, সাফল্যক স্বীকৃতি দিয়া আৰু ভাৰতীয় জনসাধাৰণৰ মাজত বৈজ্ঞানিক সজাগতা বৃদ্ধি কৰা। কালি অনুষ্ঠিত এখন সংবাদমেলত কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে কয় যে বিজ্ঞান মহোৎসৱত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ আলোচনাচক্র, প্রদর্শনী, প্রতিযোগিতা, কর্মশালা, জ্ঞান বিনিময় কার্যসূচী, প্রযুক্তি প্ৰদৰ্শনকে ধৰি আন বহুতো আকর্ষণীয় কাৰ্যসূচী থাকিব। এই মহোৎসৱে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সৃষ্টিশীলতা প্ৰসাৰিত কৰাত গুৰুত্ব আৰোপ কৰিছে।
Assamese | October 5, 2024 9:54 AM | AIR GUWAHATI | Akashvani Guwahati | Assam | Guwahati City | Science | science exhibition
৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ