আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদনৰ ব্যৱস্থা মুকলি কৰা হৈছে। অসমীয়া আধুনীক গীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, বৰগীত ভজন, গজল, খেয়াল, ৰবীন্দ্ৰ সংগীত, বাদ্যসংগীত আৰু লোক বাদ্য সংগীত শিতানৰ একক শাখাত আৰু দলীয় শাখাত জিকিৰ-জাৰী, বিহুগীত, টোকাৰী গীত, দিহানামত ইচ্ছুক প্রার্থীয়ে আবেদন কৰিব পাৰিব। উল্লেখযোগ্য যে দলীয় শাখাত বাদ্য শিল্পীসহ ৫ ৰ পৰা ৮ জন সদস্যহে থাকিব পাৰিব তথা দলৰ সদস্যসকলৰ ফটো সংলগ্ন কৰি সকলোৰে নাম উল্লেখ কৰিব লাগিব ৷ আবেদনকাৰীয়ে আবেদন প্ৰ-পত্ৰ, অনলাইন মাচুল পৰিশোধৰ বাবে যাৱতীয় তথ্য আৰু নিয়মাৱলী আকাশবাণী গুৱাহাটী ফেচবুক পেজ এ আই আৰ গুৱাহাটীৰ পৰা ডাউলনোড কৰিব পাৰিব অথবা আকাশবাণী গুৱাহাটীৰ অভ্যর্থনা কক্ষৰ পৰা সংগ্ৰহ কৰিব পাৰিব। উল্লেখযোগ্য যে, আবেদন প্ৰ-পত্ৰ পূৰ কৰি ২৫ অক্টোবৰৰ ভিতৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অভ্যর্থনাকক্ষত জমা দিব লাগিব।
Assamese | October 16, 2024 8:09 PM | Akashvani Guwahati
আকাশবাণী গুৱাহাটী যুৱবাণীৰ সংগীত শিল্পী হিচাপে স্বীকৃতিৰ বাবে অফলাইন আবেদন আহ্বান