আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত গ্রাহক অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব নিধি খাড়েৰ সৈতে হোৱা এলানি বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীক বিষয়টো সন্দৰ্ভত প্রশ্ন সুধিব পাৰিব। তেওঁলোকে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ এফ এম গ’ল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পাব।
Assamese | October 14, 2024 6:26 PM | air guwahati public speek | Akashvani | Akashvani Guwahati
নিশা ৯.৩০ বজাত গ্রাহক অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব নিধি খাড়েৰ সৈতে আকাশবাণীৰ ‘পাব্লিক স্পীক’ অনুষ্ঠান