প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত-বিনিময় কৰিব। এয়া হ’ব এই অনুষ্ঠানৰ ১১৪ সংখ্যক খণ্ড তথা প্রধানমন্ত্ৰী মোদীৰ তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত চতুৰ্থটো খণ্ড।
আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে কাইলৈ দিনৰ ১১ বজাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ’ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ’ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।
Assamese | September 28, 2024 6:00 PM | Akashvani Guwahati | Man Ki Baat | narendra modi
কাইলৈ আকাশবাণীৰ ১১৪ সংখ্যক ‘মন কী বাত’ অনুষ্ঠান