November 25, 2025 1:07 PM

views 86

অহা দেওবাৰে আকাশবাণীৰ ১২৮ সংখ্যক খণ্ডৰ মন কী বাত অনুষ্ঠান

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ ১২৮ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০ ১১ ৭৮০০ শুল্ক বিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গ’ভ মুকলি মঞ্চ অথবা ১৯২২ নম্বৰত মিছডকল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে ২৮ নৱেম্বৰ পৰ্যন্ত দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব।

October 22, 2025 2:57 PM

views 135

অহা ২৬ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠান

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ অক্টোবৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কী বাত ১২৭ সংখ্যক খণ্ড। জনসাধাৰণে ১৮০০-১১-৭৮০০ বিনামূলীয়া নম্বৰত ফোন কৰি এই খণ্ডটিৰ বাবে দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ আৰু মাই গভ মুকলি মঞ্চৰ যোগেদিও দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব। ২৪ অক্টোবৰ পৰ্যন্ত আগবঢ়োৱা দিহা-পৰামৰ্শসমূহ গ্ৰহণ কৰা হ'ব। ৰাছিয়াই ইউক্রেইনৰ শক্তি প্রকল্পসমূহত কালি আক্ৰমণ কৰে। ইউক্রেইনৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ...

September 16, 2025 8:52 PM

views 53

দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সম্ভেট প্ৰেক্ষাগৃহত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ভিত্তিত কলা প্ৰদৰ্শনীৰ আয়োজন

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলাকেন্দ্ৰৰ সম্ভেট প্ৰেক্ষাগৃহত আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ ভিত্তিত এখন কলা প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। কেন্দ্ৰটোৰ কলাদৰ্শন বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপক ৰিচা কাম্বোজৰ পৰিকল্পনাত আয়োজিত এই প্রদর্শনীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ দ্বাৰা প্ৰভাৱিত হয়। জ্যেষ্ঠ শিল্পী মনজিৎ সিঙে আঁকা এলানি ছবি প্ৰদৰ্শন কৰা হ'ব। এই প্ৰদৰ্শনী কাইলৈৰ পৰা ২২ ছেপ্তেম্বৰলৈকে দিনৰ চাৰে ১০ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈকে মুকলি থাকিব।

October 26, 2024 9:02 PM

views 59

কাইলৈ আকাশবাণীৰ ১১৫ সংখ্যক খণ্ডৰ ‘মন কী বাত অনুষ্ঠান’

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। আকাশবাণী–দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্রধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান শুনিব পৰা যাব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।

September 28, 2024 6:00 PM

views 113

কাইলৈ আকাশবাণীৰ ১১৪ সংখ্যক ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত-বিনিময় কৰিব। এয়া হ'ব এই অনুষ্ঠানৰ ১১৪ সংখ্যক খণ্ড তথা প্রধানমন্ত্ৰী মোদীৰ তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত চতুৰ্থটো খণ্ড। আকাশবাণী আৰু দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে কাইলৈ দিনৰ ১১ বজাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্রধানমন্ত্রী কার্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা...