শ্ৰীলংকাৰ ক্ৰিকেট দলৰ মুখ্য প্রশিক্ষক হিচাপে ছনথ জয়সূৰ্যক বাছনি কৰা হৈছে। বোর্ডে সংবাদদাতাসকলক জনোৱা মতে, ভাৰত, ইংলেণ্ড আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে শেহতীয়া ভ্ৰমণত শ্ৰীলংকাৰ ক্ৰিকেট দলটোৱে দেখুওৱা ভাল ফলাফলৰ বাবে কাৰ্যবাহী কমিটীয়ে তেখেতক নির্বাচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জয়সূৰ্যই ইতিমধ্যেই যোৱা জুলাইৰ পৰা অন্তৰ্ৱৰ্তীকালীনভাৱে প্ৰশিক্ষকৰ দায়িত্ব গ্রহণ কৰি আহিছে। তেখেতৰ অধীনত শ্ৰীলংকাই নিজৰ ২৭ বছৰত ভাৰতৰ বিৰুদ্ধে প্ৰথমটো এদিনীয়া আন্তঃৰাষ্ট্ৰীয় শৃংখলা দখল কৰাৰ উপৰি ইংলেণ্ডক যোৱা দহ বছৰত প্ৰথমবাৰৰ বাবে পৰাস্ত কৰিছে। লগতে নিউজিলেণ্ডক ঘৰুৱা টেষ্ট শৃংখলাত ২-০ ৰ ব্যৱধানত পৰাস্ত কৰিছে। চনথ জয়সূৰ্যক অক্টোবৰ মাহৰ ১ তাৰিখে এই পদত নিয়োজিত কৰা হৈছে আৰু ২০২৬ চনত ৩১ মাৰ্চলৈকে তেওঁ এই পদত অধিষ্ঠিত হৈ থাকিব।
Assamese | October 7, 2024 9:03 PM | SLC announces Sanath Jayasuriya as men’s team head coach
শ্ৰীলংকাৰ ক্ৰিকেট দলৰ মুখ্য প্রশিক্ষক হিচাপে ছনথ জয়সূৰ্যক বাছনি