ষষ্ঠ অনুসূচীভুক্ত এলেকাত স্বায়ত্তশাসিত পৰিষদসমূহলৈ পুঁজি আবণ্টনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্বৰ নীতিৰ সাল-সলনি কৰিছে। এতিয়াৰেপৰা তিনি স্বায়ত্তশাসিত পৰিষদে পূৰ্বৰ দৰে বাজেট ধাৰ্য পুঁজি নাপাব। বিটিআৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদে সংগ্ৰহ কৰা ৰাজহৰ ওপৰত ভিত্তি কৰিহে ৰাজ্য চৰকাৰে বাজেট ধার্য পুঁজি আবণ্টন কৰিব। বাজেটত সমুদায় পুঁজি মুকলি কৰি দিয়াৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ নীতি-নিয়ম আৰোপ কৰিছে। এই সিদ্ধান্ত গ্ৰহণ কৰি ৰাজ্য চৰকাৰে ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত পৰিষদসমূহক নিজাকৈ ৰাজহ সংগ্ৰহত অধিক গুৰুত্ব দিবলৈ নিৰ্দেশ দিছে। ইয়াৰোপৰি ৰাজ্য চৰকাৰে স্বায়ত্তশাসিত পৰিষদসমূহক ব্যয় সংকোচনৰ নীতি কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিছে। স্বায়ত্ত পৰিষদকেইখনে সংগ্ৰহ কৰা ৰাজহৰ তথ্য বিত্ত বিভাগক দিবলৈও নিৰ্দেশটোত কোৱা হৈছে।
Assamese | July 18, 2024 12:49 PM | six shidule budget
ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত পৰিষদলৈ পুঁজি আবণ্টনৰ ক্ষেত্ৰত পূৰ্বৰ নীতিৰ সাল-সলনি