দৈনিক জনমভূমি কাকতৰ শিৱসাগৰৰ সংবাদদাতা পদ্মলোচন খনিকৰক ২০২৪ বৰ্ষৰ কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে। ১৯৯৭ চনৰ পৰা বিভিন্ন বাতৰি কাকতত সংবাদদাতাৰূপে কাম কৰি অহা খনিকৰে ইয়াৰ আগতে সংবাদ বন্ধুকে ধৰি আন কেইবাটাও বঁটা লাভ কৰিছে। দৈনিক জনমভূমিৰ প্ৰতিষ্ঠাপক কনক চন্দ্ৰ শৰ্মাৰ স্মৃতিত প্ৰতিবছৰে আগবঢ়াই অহা এই বঁটা কাইলৈ দৈনিক জনমভূমি কাকতৰ গুৱাহাটীৰ কাৰ্যালয়ত শ্ৰী খনিকৰক প্ৰদান কৰা হ’ব ।
Assamese | January 10, 2025 8:32 PM | sivasagar janambhumi award padma lochan khanikar
‘দৈনিক জনমভূমি’ কাকতৰ শিৱসাগৰৰ সংবাদদাতা পদ্মলোচন খনিকৰলৈ ‘কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী সাংবাদিকতা বঁটা’