অসমত দুদিনীয়া ভ্রমণসূচীৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ কাইলৈ গুৱাহাটীত উপস্থিত হ‘ব। কাইলৈ সন্ধিয়া তেওঁ উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে‘টৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থাকিব। এই প্রকল্পই গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যবস্থা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ আগতে মন্ত্ৰীগৰাকীয়ে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰিব। প্রকল্পস্থলীত আয়োজিত এটা অনুষ্ঠানত বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰায় ৩০০ গৰাকী যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰিব।
Assamese | November 6, 2025 6:53 PM | Nirmola sitarmon
কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ গুৱাহাটীত উপস্থিত