January 10, 2026 7:47 PM

views 44

নির্মলা সীতাৰমনৰ অধক্ষ্যতাত বিত্ত বিভাগৰ বিষয়ববীয়াসকলৰ এখন বৈঠক অনুষ্ঠিত

বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত বিত্ত বিভাগৰ বিষয়ববীয়াসকলৰ এখন বৈঠকক অধক্ষ্যতা কৰে। ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বাজেট অধিৱেশনৰ পূর্বে অনুষ্ঠিত হোৱা এই বৈঠকত বিত্ত বিভাগৰ ৰাজ্যমন্ত্রী পংকজ চৌধুৰীৰ লগতে বিভাগৰ জেষ্ঠ্য বিষয়াসকল উপস্থিত থাকে।

November 18, 2025 8:31 PM

views 53

মূলধনী বজাৰৰ সৈতে জড়িত একাংশ অংশীদাৰৰ সৈতে আলোচনাত মিলিত বিত্তমন্ত্ৰী

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি বিয়লি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ষ্টার্ট আপ খণ্ডৰ অংশীদাৰসকলৰ সৈতে প্রাক বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্তীয় ৰাজ্যমন্ত্রী পংকজ চৌধৰী, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য সংবর্ধন বিভাগৰ সচিব, অর্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা উপস্থিত থাকে। ইয়াৰ পূর্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত বাজেট সন্দৰ্ভত মূলধনী বজাৰৰ সৈতে জড়িত একাংশ অংশীদাৰৰ সৈতে চতুৰ্থখন প্রাক বাজেট আলোচনাত মিলিত হয়। বি...

November 10, 2025 6:20 PM

views 65

দিল্লীত ২০২৬-২৭ বৰ্ষৰ বাবে কেন্দ্রীয় বাজেট সম্পৰ্কীয় বৈঠকত বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতা

বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ২০২৬-২৭ বৰ্ষৰ বাবে কেন্দ্রীয় বাজেট সম্পৰ্কীয় এখন বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত দেশৰ কেইবাগৰাকীও আগশাৰীৰ অর্থনীতিবিদ উপস্থিত থাকে। বিত্ত মন্ত্ৰ্যালয় আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টাই বৈঠকত অংশ লৈ বাজেট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়ে। এই প্রাক বাজেট পৰামৰ্শদান বৈঠক আজি দিনৰ ১০ বজাৰ পৰা ১২ বজালৈ অনুষ্ঠিত হয়। ইয়াৰ পাছতে দিনৰ ১ বজাৰ পৰা ৩ বজালৈ বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাগৰ...

November 6, 2025 6:53 PM

views 60

কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ গুৱাহাটীত উপস্থিত

অসমত দুদিনীয়া ভ্রমণসূচীৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ কাইলৈ গুৱাহাটীত উপস্থিত হ'ব। কাইলৈ সন্ধিয়া তেওঁ উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে'টৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি উদ্বোধন কৰিব। অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু পৰিবহণ মন্ত্ৰী চৰণ বড়ো উপস্থিত থাকিব। এই প্রকল্পই গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি আৰু যোগাযোগ ব্যবস্থা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ আগ...

October 24, 2025 9:26 PM

views 90

জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলাঃ নির্মলা সীতাৰমণ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নির্মলা সীতাৰমনে জি এছ টি ব্যৱস্থাৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰে কৰ আৰোপন প্ৰণালীক অধিক দক্ষ, যুক্তিসংগত আৰু বিকাশমুখী কৰি তোলা বুলি মন্তব্য কৰিছে। নিয়মিত কদাতাসকলৰ বাবে জীৱন সহজলভ্য কৰি তুলিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি গাজিয়াবাদত কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ ভৱন উন্মোচন কৰি দক্ষ কৰ প্ৰণালীয়ে অর্থনৈতিক সন্মিলন আৰু অধিক সমৃদ্ধশালী কৰিব বুলিও উল্লেখ কৰে। জি এছ টি পৰিষদে জি এছ টিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সহজ, নিৰৱিচ্ছিন্ন আৰু অধিক স্বচ্ছ কৰ...

May 29, 2025 12:19 PM

views 99

নির্মলা সীতাৰমনৰ সভাপতিত্বত ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীসমূহৰ সৈতে পর্যালোচনা বৈঠক অনুষ্ঠিত

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ সভাপতিত্বত কালি নতুন দিল্লীত ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীসমূহৰ সৈতে এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত তেওঁ প্রিমিয়াম সংগ্রহ, বীমাৰ পঞ্জীয়ন আৰু ঘনত্বৰ লগতে অমিমাংসিত দাবীৰ অনুপাতৰ দৰে দিশসমূহৰ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীসমূহে সংগ্ৰহ কৰা মুঠ প্রিমিয়াম ২০১৯ চনৰ প্ৰায় ৮০ হাজাৰ কোটি টকাৰ পৰা ২০২৫ চনত এক লাখ কোটি টকাতকৈও অধিকলৈ বৃদ্ধি পাইছে।সামগ্ৰিকভাৱে সাধাৰণ বীমা উদ্যোগটোৱেও প্রীমিয়াম বৃদ্ধিৰ প্ৰতিবেদন দা...

May 23, 2025 11:59 AM

views 64

২০২৭-২৮ বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ পৰিকল্পনা সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ

● ২০২৭-২৮ বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ১০ লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ সৈতে এটা ফলপ্রসূ আলোচনাত মিলিত হৈ এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰি অনাগত দিনত ৰাজ্যখনত ৰূপায়ণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ বিশেষকৈ নামৰূপত নতুন সাৰ কাৰখানা...

May 7, 2025 1:38 PM

views 72

ইটালীৰ মিলানত অনুষ্ঠিত এডিবি শীর্ষক সন্মিলত নির্মলা সীতাৰমণৰ অংশগ্ৰহণ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে কালি কয় যে ভাৰতে বিভিন্ন দেশৰ সৈতে দ্বিপাক্ষিক চুক্তি সফলতাৰে সম্পন্ন কৰি আহিছে আৰু ইউৰোপীয় সংঘৰ সৈতে দেশৰ পৰম্পৰাগত সম্পৰ্কৰ বাবে ইউৰোপীয় সংঘ ভাৰতৰ অগ্ৰাধিকাৰৰ শীৰ্ষত আছে। ইটালীৰ মিলানত অনুষ্ঠিত এডিবি শীর্ষক সন্মিলন সম্বোধন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে বিশ্বব্যাপী হোৱা বিভাজনৰ কথা দোহাৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শুল্কনীতিৰ ফলত অনিশ্বয়তা বৃদ্ধি পাইছে বুলি কয়। বিশ্বব্যাপী যোগান শৃংখলা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে যোগান শৃংখলাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভং...

January 2, 2025 8:25 PM

views 45

নতুন দিল্লীত আজি নির্মলা সীতাৰমনৰ সপ্তম প্রাক বাজেট আলোচনা

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৫-২৬ বৰ্ষৰ বাবে দাখিল কৰিবলগীয়া কেন্দ্ৰীয় বাজেটৰ পূৰ্বে বিত্তীয় খণ্ড আৰু মূলধনী বজাৰৰ লগত জড়িত সংশ্লিষ্ট পক্ষৰ সৈতে সপ্তম প্রাক বাজেট আলোচনাত মিলিত হয়। এই বৈঠকত কেন্দ্রীয় বিত্ত সচিব, ডি আ পি এ এমৰ সচিব, অর্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিবসকল আৰু মুখ্য বিত্তীয় পৰামৰ্শদাতা উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে শ্ৰীমতী সীতাৰমনে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্ত মন্ত্ৰীসকল, উদ্যোগিক প্রতিনিধি, স্বাস্থ্য আৰু শিক্ষা খণ্ড, কৃষি খণ্ডৰ লগত জড়িত ...

December 30, 2024 6:04 PM

views 58

নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত পঞ্চমখন প্রাক বাজেট পৰামৰ্শ বৈঠক

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ জগতৰ নেতাসকলৰ সৈতে হোৱা পঞ্চমখন প্রাক বাজেট পৰামৰ্শ বৈঠকত অধ্যক্ষতা কৰে। ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ প্ৰতি দৃষ্টি ৰাখি এই বৈঠকৰ আয়োজন কৰা হয়। বিত্ত, বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা, অর্থনৈতিক পৰিক্রমা, অভ্যন্তৰীণ বাণিজ্য আৰু উদ্যোগৰ প্ৰসাৰ আদি বিভাগৰ সচিবসকলৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টাই এই বৈঠকত অংশগ্ৰহণ কৰে। ২০২৫ বৰ্ষৰ ১ ফেব্ৰুৱাৰীত সংসদত ২০২৫-২৬ বিত্তিয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰা...