বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত বাণিজ্য আৰু উদ্যোগ জগতৰ নেতাসকলৰ সৈতে হোৱা পঞ্চমখন প্রাক বাজেট পৰামৰ্শ বৈঠকত অধ্যক্ষতা কৰে। ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ প্ৰতি দৃষ্টি ৰাখি এই বৈঠকৰ আয়োজন কৰা হয়। বিত্ত, বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা, অর্থনৈতিক পৰিক্রমা, অভ্যন্তৰীণ বাণিজ্য আৰু উদ্যোগৰ প্ৰসাৰ আদি বিভাগৰ সচিবসকলৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টাই এই বৈঠকত অংশগ্ৰহণ কৰে। ২০২৫ বৰ্ষৰ ১ ফেব্ৰুৱাৰীত সংসদত ২০২৫-২৬ বিত্তিয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰাৰ সম্ভাৱনা আছে। বিত্তমন্ত্রী হিচাপে নির্মলা সীতাৰমনে একেৰাহে অষ্টমবাৰৰ বাবে সংসদত বাজেট দাখিল কৰিব। এই বৈঠকত উদ্যোগ খণ্ডৰ উৎপাদন বৃদ্ধিৰ সন্দৰ্ভত অধিক গুৰুত্ব দিয়া হয়।
Assamese | December 30, 2024 6:04 PM | Nirmola sitarmon
নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত পঞ্চমখন প্রাক বাজেট পৰামৰ্শ বৈঠক