কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ সভাপতিত্বত কালি নতুন দিল্লীত ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীসমূহৰ সৈতে এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত তেওঁ প্রিমিয়াম সংগ্রহ, বীমাৰ পঞ্জীয়ন আৰু ঘনত্বৰ লগতে অমিমাংসিত দাবীৰ অনুপাতৰ দৰে দিশসমূহৰ পৰ্যালোচনা কৰে। উল্লেখযোগ্য যে ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীসমূহে সংগ্ৰহ কৰা মুঠ প্রিমিয়াম ২০১৯ চনৰ প্ৰায় ৮০ হাজাৰ কোটি টকাৰ পৰা ২০২৫ চনত এক লাখ কোটি টকাতকৈও অধিকলৈ বৃদ্ধি পাইছে।সামগ্ৰিকভাৱে সাধাৰণ বীমা উদ্যোগটোৱেও প্রীমিয়াম বৃদ্ধিৰ প্ৰতিবেদন দাখিল কৰিছে। ২০২৪-২৫ বৰ্ষত মুঠ প্রিমিয়াম সংগ্রহ তিনি লাখ কোটি টকাৰো অধিক হৈছে। পর্যালোচনাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে সেৱা প্ৰদান আৰু দক্ষতা উন্নত কৰাৰ বাবে সকলো বীমা কোম্পানীৰ ডিজিটেল ৰূপান্তৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। খৰতকীয়া আৰু সঠিক দাবী নিস্পত্তিত সহায় হোৱাকৈ বাহন আৰু স্বাস্থ্য বীমা সামগ্ৰীৰ বাবে কৃত্রিম বুদ্ধিমত্তা চালিত দাবী নিষ্পত্তি ব্যৱস্থা গ্ৰহণ কৰাৰ প্রয়োজনীয়তাৰ ওপৰত বিত্তমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
Assamese | May 29, 2025 12:19 PM | Nirmola sitarmon
নির্মলা সীতাৰমনৰ সভাপতিত্বত ৰাজহুৱা খণ্ডৰ সাধাৰণ বীমা কোম্পানীসমূহৰ সৈতে পর্যালোচনা বৈঠক অনুষ্ঠিত