শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ সমাজকর্ম বিভাগৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাক ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ৯০ দিনৰ বাবে সাময়িকভাৱে নিলম্বন কৰিছে বিশ্ববিদ্যালয়খনৰ তিনিগৰাকী ছাত্ৰীয়ে অধ্যাপকজনৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষই তদন্তৰ আওতালৈ আনি আৰক্ষীৰ সৈতে সহযোগিতা কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু অধ্যাপক জেনাই আৰক্ষীৰ সৈতে সহযোগ নকৰা বুলি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে। বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যাপক জেনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি জটিল কৰি তোলাত আজি বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ চৌপাশে আৰক্ষী মোতায়েন কৰিবলগীয়া হয়।
Assamese | May 7, 2025 8:13 PM | silchal professor suspended
শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ সমাজকর্ম বিভাগৰ সহকাৰী অধ্যাপক অজিত কুমাৰ জেনাক ৯০ দিনৰ বাবে নিলম্বন