শক্তিশালী নীতি আৰু বিনিয়োগ বৃদ্ধিৰ জৰিয়তে ভাৰতে সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে নতুন দিশত গতি কৰিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে। কালি নতুন দিল্লীত অনুষ্ঠিত সামুদ্রিক বিত্ত যোগান সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশৰ বন্দৰসমূহৰ কাৰ্যকৰী দক্ষতা পূর্বতকৈ ভালেখিনি উন্নত হৈছে। স্বয়ংচালিত পথৰ অধীনত জাহাজ পৰিবহণ খণ্ডত ১০০ শতাংশ প্রত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়া হৈছে বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে সামুদ্রিক খণ্ডত বৰ্তমান ভাৰত অন্যতম বিনিয়োগ পৰিৱেশতন্ত্ৰ হিচাপে বিবেচিত হৈছে বুলি প্ৰকাশ কৰে। বৈঠকত মূলধনী ব্যয় হ্ৰাস কৰা, জাহাজ মেৰামতি তথা নিৰ্মাণস্থলীৰ বাবে দীৰ্ঘম্যাদী বিনিয়োগৰ আকৰ্ষণ বৃদ্ধিৰ লগতে উপকূলীয় আন্তঃগাঁথনি বৃদ্ধিৰ উদ্দেশ্যে সামুদ্রিক উন্নয়ন পুঁজি ঘোষণা কৰা হয় ।
Assamese | July 25, 2025 12:53 PM | sarbananda sonowal investment
শক্তিশালী নীতি আৰু বিনিয়োগ বৃদ্ধিৰ জৰিয়তে ভাৰতে সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে নতুন দিশত গতি কৰিছে : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল