চিৰাং জিলাৰ মাজেৰে বৈ যোৱা আই, চম্পাৱতী আৰু নাঙলভাঙা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ কেইবাখনো গাঁও প্লাৱিত হৈছে। ভূটানৰ পৰা নামি অহা পানীয়ে বানৰ সৃষ্টি কৰিছে।
জিলা প্ৰশাসনৰ তথ্য অনুসৰি বানত চিদলী-চিৰাং ৰাজহ চক্ৰৰ ৪ হাজাৰ ৩২৪টা পৰিয়াল বানত প্ৰভাৱিত হৈছে। একেদৰে বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত মাডাৰপুৰ গাঁৱৰ ৭৯০টা পৰিয়াল বানৰ কবলত পৰিছে। আনহাতে, বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত শিশুবাৰী গাঁৱত গৰাখহনীয়াৰ ফলত ১৩টা পৰিয়াল স্থানান্তৰ কৰা হৈছে।
চিৰাং জিলা দণ্ডাধীশে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বানৰ সময়ত নৈত নাও চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে।