শিৱসাগৰ নগৰৰ মাজত থকা যমুনাৰ পুনৰুদ্ধাৰ, পৰিষ্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে চলাই থকা কাম-কাজ কালি বিধায়ক অখিল গগৈয়ে পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয়।
৯ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পুঁজিৰ অধীনত ৰূপায়ণ কৰা এই প্ৰকল্পৰ জৰিয়তে যমুনাত জল ক্রীড়া আৰম্ভ কৰাৰ উপৰি দুয়োকাষে ফেন্সিং নিৰ্মাণ কৰা হ’ব বুলি বিধায়কগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
শ্ৰীগগৈয়ে লগতে জিলাখনত চলি থকা টাই সংগ্ৰহালয়, জিলা ষ্টেডিয়াম, খোৱাপানী যোগান আঁচনিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প শীঘ্ৰেই সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে।