মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মটক জনজাতি বসতিপ্রধান অঞ্চলসমূহত বিশেষ কার্যসূচীৰ আয়োজন কৰা হৈছে। সাহস, বীৰত্ব আৰু স্বদেশপ্ৰেমৰ অম্লান নিদর্শনেৰে অসমীয়া জাতিক উদ্বুদ্ধ কৰি যোৱা মটক ৰজাগৰাকীৰ স্মৃতি দিৱসত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁলৈ গভীৰ শ্রদ্ধা নিবেদন কৰিছে। মুখ্যমন্ত্ৰীয়ে এটা বাৰ্তাত মহান বীৰ পুৰুষগৰাকীৰ ত্যাগ, সাহস আৰু আত্মবলিদানৰ গাথা জাতিটোৰ বাবে অনুপ্ৰেৰণা হৈ ৰ‘ব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে সৰ্বানন্দ সিংহই দেখুৱাই যোৱা স্বদেশপ্ৰেমৰ ভাৱনাৰে নিজকো উদ্বুদ্ধ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
Assamese | May 24, 2025 6:50 PM | sarbanada singh
মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে বিশেষ কার্যসূচীৰ আয়োজন