প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গ্ৰেটাৰ নয়ডাৰ ইণ্ডিয়া এক্সপো মাৰ্টত চেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন উদ্বোধন কৰিব। তেওঁ লগতে এই উপলক্ষে অংশগ্রহণকাৰীসকলক সম্বোধন কৰিব। “অর্ধপৰিবাহী খণ্ডৰ ভৱিষ্যত গঢ় দিয়া” শীৰ্ষক বিষয়বস্তুৰে কাইলৈৰ পৰা ১৩ ছেপ্টেম্বৰলৈ চেমিকন ইণ্ডিয়া ২০২৪ৰ আয়োজন কৰা হৈছে। তিনিদিনীয়া এই সন্মিলনত ভাৰতৰ অৰ্ধপৰিবাহী খণ্ডৰ কৌশল আৰু নীতি প্ৰদৰ্শন কৰা হ’ব। এই কৌশল তথা নীতিসমূহৰ জৰিয়তে দেশক অর্ধপৰিবাহী খণ্ডৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। সন্মিলনত বিশ্বৰ অৰ্ধপৰিবাহী উদ্যোগৰ আগশাৰীৰ নেতা, কোম্পানী আৰু বিশেষজ্ঞসকলে অংশগ্রহণ কৰিব। সন্মিলনত ১৫০ গৰাকী বক্তাই অর্ধপৰিবাহী খণ্ডৰ সৈতে জড়িত বিভিন্ন বিষয়ত বক্তৃতা প্রদান কৰিব।
Assamese | September 10, 2024 12:56 PM | samicon india
ইণ্ডিয়া এক্সপো মাৰ্টত কাইলৈ প্ৰধানমন্ত্ৰীৰ চেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন উদ্বোধন