চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা- নীট ইউজি ২০২৬ৰ আজি পুনৰ অনুষ্ঠিত হ’ব। দেশৰ ৫৫১ খন আৰু বিদেশৰ ১৪ খন চহৰত হ’বলগীয়া এই পৰীক্ষাত ২২ লাখ ৭৯ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।
পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিটিভি আৰু বায়’মেট্রিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মকড্রিল বা আখৰাৰ আয়োজন কৰা হয়।
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে সংস্থাটো পৰীক্ষা নিকা, স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্নকাকত আৰু প্রশ্নোত্তৰ বহী সুৰক্ষা কৰি ৰখা প্ৰক্ৰিয়াটোত অর্ধসামৰিক বাহিনীক নিয়োজিত কৰা হৈছে।
ইয়াৰ উপৰি সামাজিক মাধ্যমৰ গতিবিধি লক্ষ্য কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ তদাৰক সমিতি গঠন কৰা হৈছে।