August 19, 2026 11:25 AM

views 11

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা পৰিচালনাকাৰী দলৰ ৬০০ গৰাকী বিশেষজ্ঞক সলনি কৰি দলটোক নতুন ৰূপত গঢ়ি তুলিছে

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা— এন টি এই ইয়াৰ পৰীক্ষা পৰিচালনাকাৰী দলৰ ৬০০ গৰাকী বিশেষজ্ঞক সলনি কৰি নতুন বিশেষজ্ঞ নিয়োগেৰে দলটোক নতুন ৰূপত গঢ়ি তুলিছে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে শিক্ষা মন্ত্রালয়ে প্ৰকাশ কৰা মতে পৰীক্ষাৰ প্ৰশ্নকাকত চালিজাৰি চোৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে চাৰিত্ৰৰপীয়া নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা হ'ব। পৰৱৰ্তী ২-৩ সপ্তাহৰ ভিতৰত এন টি এই ২০ৰ পৰা ২৫ গৰাকী বিষয়াক নিযুক্তি দিব বুলিও প্ৰকাশ কৰিছে। তদুপৰি এন টি এৰ কাৰ্যালয়সমূহ নতুন চৌহদলৈ স্থানান্তৰিত কৰি সেই স্থানসমূহত চি আই এছ ...

August 9, 2026 7:46 PM

views 17

কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সন্দৰ্ভত মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠক

কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীয়ে আজি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এৰ সন্দৰ্ভত মন্ত্ৰালয়ৰ সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীযোশীয়ে কয় যে এই বৈঠকত প্রতিষ্ঠানিক ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে এটা ফলপ্ৰসু ব্যৱস্থা গঢ়ি তুলি শিক্ষাৰ প্ৰতি অধিক দায়বদ্ধতা নিশ্চিত কৰাৰ বাবে ব্যবস্থা গ্ৰহণৰ বিষয়ে আলোচনা কৰা হয়। তেওঁ কয় যে এটা দৃঢ়, স্বচ্ছ আৰু বিশ্বাসযোগ্য পৰীক্ষা ব্যৱস্থা গঢ়ি তুলি প্ৰতিগৰাকী শিক্ষাৰ্থীৰ আকাংক্ষা পূৰণ কৰাটোৱেই চৰকাৰৰ মূল লক্ষ্য।

June 21, 2026 10:56 AM

views 28

নীট ইউজি ২০২৬ৰ পুনৰ অনুষ্ঠিত হব

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা- নীট ইউজি ২০২৬ৰ আজি পুনৰ অনুষ্ঠিত হ'ব। দেশৰ ৫৫১ খন আৰু বিদেশৰ ১৪ খন চহৰত হ'বলগীয়া এই পৰীক্ষাত ২২ লাখ ৭৯ হাজাৰ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পূৰ্বে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জেমাৰ, চিচিটিভি আৰু বায়'মেট্রিক্স ব্যৱস্থাৰ কাৰ্যকাৰিতা পৰীক্ষাৰ বাবে কালি দেশজুৰি মকড্রিল বা আখৰাৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই প্ৰকাশ কৰা মতে সংস্থাটো পৰীক্ষা নিকা, স্বচ্ছ আৰু নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে সম্পূৰ্ণৰূপে সাজু। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰশ্...

July 8, 2024 8:43 PM

views 74

এন টি এক নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল বিষয় সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এক, নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল বিষয় সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। সর্বোচ্চ ন্যায়ালয়ে কেন্দ্রীয় অনুসন্ধান সংস্থা চিবিআইকো এই গোচৰৰ অনুসন্ধানৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়ালয়ে এন টি এ, কেন্দ্র আৰু চিবিআইক বুধবাৰৰ বিয়লি ৫ বজাৰ পূৰ্বে প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্দিৱালা, ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে নীট ইউ জি পৰীক্ষাৰ শুনানি ...

July 2, 2024 12:50 PM

views 54

ৰাষ্ট্ৰীয় পৰিক্ষণ সংস্থাক শক্তিশালী কৰাৰ উদ্দেশ্যে শিক্ষাৰ্থী আৰু অভিভাৱকৰ পৰা পৰামৰ্শ তথা সঁহাৰি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় পৰিক্ষণ সংস্থা- এন টি এক শক্তিশালী কৰি তুলিবলৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ পৰা পৰামৰ্শ তথা সঁহাৰি বিচাৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কৈছে যে, ডº কে ৰাধাকৃষ্ণনৰ অধ্যক্ষতাত গঠন কৰি দিয়া এখন উচ্চস্তৰীয় কমিটিয়ে এই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ পৰা পৰামৰ্শ আৰু মতামত বিচাৰিছে। মন্ত্ৰ্যালয়ে লগতে কয় যে, শিক্ষার্থী তথা অভিভাৱকসকলে পৰীক্ষাৰ প্ৰক্ৰিয়া সংস্কাৰ, তথ্য সুৰক্ষা নিয়মাৱলীৰ বিকাশ আৰু সংস্থাৰ গাঁথনি তথা কার্যকলাপ সন্দৰ্ভত ন...