ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা— এন টি এই ইয়াৰ পৰীক্ষা পৰিচালনাকাৰী দলৰ ৬০০ গৰাকী বিশেষজ্ঞক সলনি কৰি নতুন বিশেষজ্ঞ নিয়োগেৰে দলটোক নতুন ৰূপত গঢ়ি তুলিছে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে শিক্ষা মন্ত্রালয়ে প্ৰকাশ কৰা মতে পৰীক্ষাৰ প্ৰশ্নকাকত চালিজাৰি চোৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে চাৰিত্ৰৰপীয়া নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা হ’ব। পৰৱৰ্তী ২-৩ সপ্তাহৰ ভিতৰত এন টি এই ২০ৰ পৰা ২৫ গৰাকী বিষয়াক নিযুক্তি দিব বুলিও প্ৰকাশ কৰিছে। তদুপৰি এন টি এৰ কাৰ্যালয়সমূহ নতুন চৌহদলৈ স্থানান্তৰিত কৰি সেই স্থানসমূহত চি আই এছ এফ দলৰ দ্বাৰা নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হ’ব।
কেন্দ্রীয় শিক্ষামন্ত্রী প্রহ্লাদ যোশীয়ে নির্দেশমর্মে এন টি এই পৰীক্ষাসমূহ নিয়াৰিকৈ পৰিচালনাৰ বাবে প্রয়োজনীয় নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে।