আৰ এছ এছৰ নামত বিজেপিৰ হৈ নেতিবাচক বতৰা বিয়পাই থকা এটা ভুৱা সংগঠনৰ বিৰুদ্ধে বিজেপি নির্বাচন আয়োগৰ কাষ চাপিছে। দলৰ সাধাৰণ সম্পাদক অৰুণ সিঙে এই সন্দৰ্ভত কয় যে কংগ্ৰেছ সেৱা দলৰ সহযোগত এই সংগঠনটোৰ সৃষ্টি হৈছিল। ইতিমধ্যে পঞ্জীয়কৰ কাৰ্যালয়, উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে সংগঠনটো অবৈধ হিচাপে ঘোষণা কৰিছে। তেওঁ কয় যে এতিয়া নিৰ্বাচনৰ সময়ত সংগঠনটো পুনৰ সক্ৰিয় হৈ উঠিছে আৰু বিজেপিৰ বিৰুদ্ধে নেতিবাচক কথা বিয়পাইছে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘয়ো এই ভুৱা সংগঠনটোৰ বিৰুদ্ধে নির্বাচন আয়োগত অভিযোগ দাখিল কৰিছিল।
Assamese | April 9, 2024 12:04 PM | RSS ELECTION
আৰ এছ এছৰ নামত বিজেপিৰ হৈ নেতিবাচক বতৰা বিয়পাই থকা এটা সংগঠনৰ বিৰুদ্ধে নির্বাচন আয়োগক অভিযোগ বিজেপিৰ