ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ মাই ভাৰত নেহৰু যুৱ কেন্দ্ৰ সংগঠনে সমগ্ৰ দেশতে যোৱা ১৭ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। এই কাৰ্যসুচীৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলা নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত আৰু জিলা পৰিবহণ বিভাগৰ সহযোগত গুৱাহাটী মহানগৰৰ বিস্তৃত এলেকাত পথ সুৰক্ষাৰ বিষয়ে এলানি সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই উদ্দেশ্যে ৫ শতাধিক স্বেচ্ছাসেৱক, এন চি চি কেডেট আৰু ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱকসকলে হাতে হাতে বেনাৰ, প্ৰচাৰ পুস্তিকা হাতত লৈ আকৰ্ষণীয় বাটৰ নাটৰ জৰিয়তে পথচাৰী, যান বাহনৰ চালক, ৰিক্সাচালক, অটোচালক, মটৰ চাইকেল আৰোহী তথা যাত্ৰী সকলোকে যান-বাহন আইনৰ সুৰক্ষা, আইনৰ বিভিন্ন দিশ, পথ সুৰক্ষা, নিয়ন্ত্ৰিত গতিত যান-বাহন চলোৱা, দুচকীয়া বাহনৰ আৰোহীয়ে হেলমেট পৰিধান কৰা, ৪ চকীয়া বাহনৰ চালক আৰু যাত্ৰীয়ে ছীটবেল্ট ব্যৱহাৰ কৰা আদি পথ সুৰক্ষা বিষয়ত সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰে।
Assamese | January 21, 2025 8:37 PM | road sefety guwahati awarness camp
ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে গুৱাহাটী মহানগৰত পথ সুৰক্ষাৰ বিষয়ত সজাগতা কাৰ্যসূচী