নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাক অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ সাক্ষাৎ

অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে কালি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰে।

লগতে অধ্যক্ষ শ্ৰীদাসে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে। কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱক অধ্যক্ষ দাসে বৰপেটা ৰোডত এখন ফুটব্ৰীজ তথা সৰুপেটা, সৰভোগ, আৰু বৰপেটা ৰোড ৰে’ল ষ্টেছনত ৩ খন ৰেলৰ ষ্টপেজ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত যথোচিত পদক্ষেপ লোৱা হ’ব বুলি অধ্যক্ষ দাসক আশ্বাস প্ৰদান কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু কৰ্মৰাজি তথা অনন্য অৱদান সন্দৰ্ভত ৰাজধানী দিল্লীত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজনৰ বাবে যাৱতীয় পদক্ষেপ লবলৈ কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী জ্যোতিৰাাদিত্য সিন্ধিয়া অধ্যক্ষ দাসে আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।