ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক যোৱা ২০ ফেব্ৰুৱাৰীত চামগুৰিত আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কালি অসম বিধানসভাত ৰাজ্যৰ গৃহ বিভাগে এই তথ্য প্ৰকাশ কৰে। এই ঘটনাত ২২ জন অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। সাংসদগৰাকীক আক্ৰমণৰ ঘটনা সন্দৰ্ভত ৰূপহীহাট থানাত তিনিটা গোচৰ ৰুজু কৰা হৈছিল।
Assamese | March 11, 2025 11:58 AM | Rakibul
ৰকিবুল হুছেইনক চামগুৰিত আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত দুজন লোকক গ্ৰেপ্তাৰ