অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে ৩২ জন অভিযুক্তক দোষী সাব্যস্ত কৰে। দীর্ঘদিন ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত অদালতে অয়োগৰ প্রাক্তন অধ্যক্ষ বাকেশ কুমাৰ পালৰ লগতে প্রাক্তন দুই সদস্য চামেদুৰ বহমান, বসন্ত কুমাৰ দলে আৰু ২৯ জন কৃষি উন্নয়ন বিষয়া পদত নিযুক্তি লাভ কৰা প্ৰাৰ্থীক ধনৰ বিনিময়ত চাকৰি লোৱা বিচাৰত দোষী সাব্যস্ত কৰে। দোষী সাব্যস্ত হোৱা সকলে লাভ কৰিবলগীয়া শাস্তি সমূহ আদালতে কাইলৈ শুনানি গ্রহণ কৰিব। আনহাতে তথ্য প্রমাণৰ অভাৱত ১১ জন অভিযুক্তক আদালতে দোষমুক্ত হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে ৰাকেশ কুমাৰ পাল অধ্যক্ষ হৈ থকা সময়ত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত ব্যাপক বন লেনদেনৰ অভিযোগ তুলি এগৰাকী প্রার্থীয়ে ২০১৭ চনত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল। এই সন্দর্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত ৰাকেশ কুমাৰ পাল সহ কেইবাজনো অভিযুক্তক ভঙাগড় আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। ইয়াৰ পিছত আদালতে দীর্ঘদিন ধৰি বিভিন্ন সাক্ষীৰ ভাষ্য গ্রহণ কৰি গোচৰৰ ৰায়দান দিয়ে।
Assamese | July 22, 2024 7:05 PM | Rakesh pal
অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত ৩২ জন অভিযুক্তক দোষী সাব্যস্ত